কুরআন - 7:148 সূরা আল-আরাফ অনুবাদ, লিপ্যন্তৰণ আৰু তাফসীৰ (তাফসীৰ).

وَٱتَّخَذَ قَوۡمُ مُوسَىٰ مِنۢ بَعۡدِهِۦ مِنۡ حُلِيِّهِمۡ عِجۡلٗا جَسَدٗا لَّهُۥ خُوَارٌۚ أَلَمۡ يَرَوۡاْ أَنَّهُۥ لَا يُكَلِّمُهُمۡ وَلَا يَهۡدِيهِمۡ سَبِيلًاۘ ٱتَّخَذُوهُ وَكَانُواْ ظَٰلِمِينَ

আৰু (স্মৰণ কৰা) মুছাৰ সম্প্ৰদায়ে তেওঁৰ অনুপস্থিতিত নিজৰ অলংকাৰেৰে এটা দামুৰী সাজিছিল, এটা দেহ (ৰ দৰে প্ৰতিমা) যিটো ‘হাম্বা’ (গৰুৰ দৰে) শব্দ ওলাইছিল। সিহঁতে চোৱা নাই নেকি যে, এইটোৱে সিহঁতৰ লগত কথা ক’ব নোৱাৰে আৰু সিহঁতক কোনো পথৰ সন্ধানো দিব নোৱাৰে? (তথাপিও) সিহঁতে ইয়াকেই উপাস্যৰূপে গ্ৰহণ কৰিছিল আৰু সিহঁত আছিল যালিম।

Sign up for Newsletter