কুরআন - 7:187 সূরা আল-আরাফ অনুবাদ, লিপ্যন্তৰণ আৰু তাফসীৰ (তাফসীৰ).

يَسۡـَٔلُونَكَ عَنِ ٱلسَّاعَةِ أَيَّانَ مُرۡسَىٰهَاۖ قُلۡ إِنَّمَا عِلۡمُهَا عِندَ رَبِّيۖ لَا يُجَلِّيهَا لِوَقۡتِهَآ إِلَّا هُوَۚ ثَقُلَتۡ فِي ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِۚ لَا تَأۡتِيكُمۡ إِلَّا بَغۡتَةٗۗ يَسۡـَٔلُونَكَ كَأَنَّكَ حَفِيٌّ عَنۡهَاۖ قُلۡ إِنَّمَا عِلۡمُهَا عِندَ ٱللَّهِ وَلَٰكِنَّ أَكۡثَرَ ٱلنَّاسِ لَا يَعۡلَمُونَ

সিহঁতে তোমাক ক্বিয়ামত সম্পৰ্কে প্ৰশ্ন কৰি কয়, ‘সেয়া কেতিয়া সংঘটিত হ’ব’? কোৱা, ‘এই বিষয়ৰ জ্ঞান কেৱল মোৰ প্ৰতিপালকৰ ওচৰতেই আছে। কেৱল তেৱেঁই যথাসময়ত সেইটোৰ প্ৰকাশ ঘটাব। আকাশমণ্ডল আৰু পৃথিৱীত সেইটো হ’ব এটা ভয়ংকৰ ঘটনা। আকস্মিকভাৱে সেয়া তোমালোকৰ ওপৰত আহি পৰিব’। সিহঁতে তোমাক প্ৰশ্ন কৰিছে যেনিবা তুমি এই বিষয়ে সবিশেষ অৱহিত। কোৱা, ‘এই বিষয়ৰ জ্ঞান কেৱল আল্লাহৰ ওচৰতহে আছে, কিন্তু অধিকাংশ মানুহেই (এই সত্যটো) নাজানে’।

Sign up for Newsletter