কুরআন - 3:19 সূরা আল-ইমরান অনুবাদ, লিপ্যন্তৰণ আৰু তাফসীৰ (তাফসীৰ).

إِنَّ ٱلدِّينَ عِندَ ٱللَّهِ ٱلۡإِسۡلَٰمُۗ وَمَا ٱخۡتَلَفَ ٱلَّذِينَ أُوتُواْ ٱلۡكِتَٰبَ إِلَّا مِنۢ بَعۡدِ مَا جَآءَهُمُ ٱلۡعِلۡمُ بَغۡيَۢا بَيۡنَهُمۡۗ وَمَن يَكۡفُرۡ بِـَٔايَٰتِ ٱللَّهِ فَإِنَّ ٱللَّهَ سَرِيعُ ٱلۡحِسَابِ

নিশ্চয় ইছলামেই হৈছে আল্লাহৰ ওচৰত একমাত্ৰ (মনোনীত) দ্বীন; আৰু যিসকলক কিতাব প্ৰদান কৰা হৈছিল সিহঁতে কেৱলমাত্ৰ পৰস্পৰ বিদ্বেষবশতঃ সিহঁতৰ ওচৰত জ্ঞান অহাৰ পিছতো মতানৈক্য কৰিছিল। এতেকে যিয়ে আল্লাহৰ আয়াতসমূহক অস্বীকাৰ কৰিব তেন্তে (সি জানি থোৱা উচিত) নিশ্চয় আল্লাহে হিচাপ গ্ৰহণ কৰাত পলম নকৰে।

Sign up for Newsletter