কুরআন - 5:5 সূরা আল-মাইদা অনুবাদ, লিপ্যন্তৰণ আৰু তাফসীৰ (তাফসীৰ).

ٱلۡيَوۡمَ أُحِلَّ لَكُمُ ٱلطَّيِّبَٰتُۖ وَطَعَامُ ٱلَّذِينَ أُوتُواْ ٱلۡكِتَٰبَ حِلّٞ لَّكُمۡ وَطَعَامُكُمۡ حِلّٞ لَّهُمۡۖ وَٱلۡمُحۡصَنَٰتُ مِنَ ٱلۡمُؤۡمِنَٰتِ وَٱلۡمُحۡصَنَٰتُ مِنَ ٱلَّذِينَ أُوتُواْ ٱلۡكِتَٰبَ مِن قَبۡلِكُمۡ إِذَآ ءَاتَيۡتُمُوهُنَّ أُجُورَهُنَّ مُحۡصِنِينَ غَيۡرَ مُسَٰفِحِينَ وَلَا مُتَّخِذِيٓ أَخۡدَانٖۗ وَمَن يَكۡفُرۡ بِٱلۡإِيمَٰنِ فَقَدۡ حَبِطَ عَمَلُهُۥ وَهُوَ فِي ٱلۡأٓخِرَةِ مِنَ ٱلۡخَٰسِرِينَ

আজি তোমালোকৰ বাবে সকলো ধৰণৰ পৱিত্ৰ বস্তু হালাল কৰা হ’ল আৰু যিসকলক কিতাব প্ৰদান কৰা হৈছে সিহঁতৰ খাদ্যদ্ৰৱ্যও তোমালোকৰ বাবে হালাল কৰা হৈছে আৰু তোমালোকৰ খাদ্যদ্ৰৱ্যও সিহঁতৰ বাবে হালাল কৰা হৈছে। মুমিনা সচ্চৰিত্ৰা নাৰী আৰু তোমালোকৰ আগত যিসকলক কিতাব প্ৰদান কৰা হৈছিল সিহঁতৰ সচ্চৰিত্ৰা নাৰীসকলক তোমালোকৰ বাবে বৈধ কৰা হৈছে, যদিহে তোমালোকে বিবাহৰ বাবত মোহৰ প্ৰদান কৰা, প্ৰকাশ্য ব্যভিচাৰ বা গোপন যৌনসঙ্গীনী হিচাপে নহয়। (জানি থোৱা) যিয়ে ঈমানৰ সৈতে কুফৰী কৰিব নিশ্চয় তাৰ আমল নিষ্ফল হ’ব আৰু সি পৰকালত ক্ষতিগ্ৰস্তসকলৰ অন্তৰ্ভুক্ত হ’ব।

আল-মাইদা সমস্ত আয়াত

Sign up for Newsletter