কুরআন - 4:23 সূরা আল-নিসা অনুবাদ, লিপ্যন্তৰণ আৰু তাফসীৰ (তাফসীৰ).

حُرِّمَتۡ عَلَيۡكُمۡ أُمَّهَٰتُكُمۡ وَبَنَاتُكُمۡ وَأَخَوَٰتُكُمۡ وَعَمَّـٰتُكُمۡ وَخَٰلَٰتُكُمۡ وَبَنَاتُ ٱلۡأَخِ وَبَنَاتُ ٱلۡأُخۡتِ وَأُمَّهَٰتُكُمُ ٱلَّـٰتِيٓ أَرۡضَعۡنَكُمۡ وَأَخَوَٰتُكُم مِّنَ ٱلرَّضَٰعَةِ وَأُمَّهَٰتُ نِسَآئِكُمۡ وَرَبَـٰٓئِبُكُمُ ٱلَّـٰتِي فِي حُجُورِكُم مِّن نِّسَآئِكُمُ ٱلَّـٰتِي دَخَلۡتُم بِهِنَّ فَإِن لَّمۡ تَكُونُواْ دَخَلۡتُم بِهِنَّ فَلَا جُنَاحَ عَلَيۡكُمۡ وَحَلَـٰٓئِلُ أَبۡنَآئِكُمُ ٱلَّذِينَ مِنۡ أَصۡلَٰبِكُمۡ وَأَن تَجۡمَعُواْ بَيۡنَ ٱلۡأُخۡتَيۡنِ إِلَّا مَا قَدۡ سَلَفَۗ إِنَّ ٱللَّهَ كَانَ غَفُورٗا رَّحِيمٗا

তোমালোকৰ ওপৰত হাৰাম কৰা হৈছে, তোমালোকৰ মাতৃসকলক, জীয়েকসকলক, বাই-ভনীসকলক, জেঠাই-পেহীসকলক, জেঠাই-মাহীসকলক, ভতিজীসকলক, ভাগিনীসকলক, ধাই মাতৃসকলক, পিয়াহ সম্বন্ধীয় বাই-ভনীসকলক, শাহুয়েক আৰু তোমালোকৰ স্ত্ৰীসকলৰ মাজত যাৰ লগত সম্ভোগ কৰিছা তাইৰ আগৰ স্বামীৰ দ্বাৰা গৰ্ভজাত ছোৱালীক, যাক তোমালোকে লালন-পালন কৰিছা; কিন্তু যদি সম্ভোগ কৰা নাই তেন্তে তোমালোকৰ বাবে কোনো অপৰাধ নাই। তোমালোকৰ বাবে আৰু নিষিদ্ধ কৰা হৈছে তোমালোকৰ ঔৰষজাত পুত্ৰৰ স্ত্ৰীসকলক আৰু দুজনী ভনীক-বায়েকক একত্ৰিত কৰা, অতীতত যি হ’ল, সেয়া হ’ল। নিশ্চয় আল্লাহ ক্ষমাশীল, পৰম দয়ালু।

Sign up for Newsletter