Quran Quote  :  But Allah is your Protector, and He is the best of helpers. - 3:150

কুরআন - 24:33 সূরা আল-নূর অনুবাদ, লিপ্যন্তৰণ আৰু তাফসীৰ (তাফসীৰ).

وَلۡيَسۡتَعۡفِفِ ٱلَّذِينَ لَا يَجِدُونَ نِكَاحًا حَتَّىٰ يُغۡنِيَهُمُ ٱللَّهُ مِن فَضۡلِهِۦۗ وَٱلَّذِينَ يَبۡتَغُونَ ٱلۡكِتَٰبَ مِمَّا مَلَكَتۡ أَيۡمَٰنُكُمۡ فَكَاتِبُوهُمۡ إِنۡ عَلِمۡتُمۡ فِيهِمۡ خَيۡرٗاۖ وَءَاتُوهُم مِّن مَّالِ ٱللَّهِ ٱلَّذِيٓ ءَاتَىٰكُمۡۚ وَلَا تُكۡرِهُواْ فَتَيَٰتِكُمۡ عَلَى ٱلۡبِغَآءِ إِنۡ أَرَدۡنَ تَحَصُّنٗا لِّتَبۡتَغُواْ عَرَضَ ٱلۡحَيَوٰةِ ٱلدُّنۡيَاۚ وَمَن يُكۡرِههُّنَّ فَإِنَّ ٱللَّهَ مِنۢ بَعۡدِ إِكۡرَٰهِهِنَّ غَفُورٞ رَّحِيمٞ

আৰু যিসকলৰ বিবাহ কৰাৰ সামৰ্থ নাই, আল্লাহে তেওঁলোকক তেওঁৰ অনুগ্ৰহৰ দ্বাৰা অভাৱমুক্ত নকৰালৈকে তেওঁলোকে যেন সংযম অৱলম্বন কৰে আৰু তোমালোকৰ মালিকানাধীন দাস-দাসীৰ মাজৰ কোনোবাই নিজৰ মুক্তিৰ বাবে লিখিত চুক্তি বিচাৰিলে, সিহঁতৰ লগত চুক্তি কৰি লোৱা, যদিহে তোমালোকে সিহঁতৰ মাজত কোনো কল্যাণ আছে বুলি জানিব পাৰা। লগতে আল্লাহে তোমালোকক যি সম্পদ প্ৰদান কৰিছে তাৰ পৰা তোমালোকে সিহঁতক দান কৰা। তোমালোকৰ দাসীসকলে নিজৰ লজ্জাস্থানৰ পৱিত্ৰতা ৰক্ষা কৰিব বিচাৰিলে পাৰ্থিৱ জীৱনৰ ধনৰ লোভত সিহঁতক ব্যভিচাৰ কৰিবলৈ বাধ্য নকৰাবা। যিসকলে সিহঁতক বাধ্য কৰাব, নিশ্চয় সিহঁতক বাধ্য কৰাৰ পিছত আল্লাহে সিহঁতৰ প্ৰতি অত্যন্ত ক্ষমাশীল, পৰম দয়ালু।

আল-নূর সমস্ত আয়াত

Sign up for Newsletter