Quran Quote  :  As for those who believe and do good We shall not cause their reward to be lost. - 18:30

কুরআন - 13:16 সূরা আর-রাদ অনুবাদ, লিপ্যন্তৰণ আৰু তাফসীৰ (তাফসীৰ).

قُلۡ مَن رَّبُّ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِ قُلِ ٱللَّهُۚ قُلۡ أَفَٱتَّخَذۡتُم مِّن دُونِهِۦٓ أَوۡلِيَآءَ لَا يَمۡلِكُونَ لِأَنفُسِهِمۡ نَفۡعٗا وَلَا ضَرّٗاۚ قُلۡ هَلۡ يَسۡتَوِي ٱلۡأَعۡمَىٰ وَٱلۡبَصِيرُ أَمۡ هَلۡ تَسۡتَوِي ٱلظُّلُمَٰتُ وَٱلنُّورُۗ أَمۡ جَعَلُواْ لِلَّهِ شُرَكَآءَ خَلَقُواْ كَخَلۡقِهِۦ فَتَشَٰبَهَ ٱلۡخَلۡقُ عَلَيۡهِمۡۚ قُلِ ٱللَّهُ خَٰلِقُ كُلِّ شَيۡءٖ وَهُوَ ٱلۡوَٰحِدُ ٱلۡقَهَّـٰرُ

কোৱা, ‘আকাশসমূহ আৰু পৃথিৱীৰ প্ৰতিপালক কোন’? কোৱা, ‘আল্লাহ’। কোৱা, ‘তেন্তে তোমালোকে তেওঁৰ বাহিৰে এনে বস্তুক অভিভাৱকৰূপে গ্ৰহণ কৰিছা নেকি যিসকলে নিজৰেই উপকাৰ বা অপকাৰ কৰিব নোৱাৰে’? কোৱাচোন, ‘অন্ধ আৰু দৃষ্টিসম্পন্ন ব্যক্তি সমান হ’ব পাৰেনে? অথবা অন্ধকাৰ আৰু পোহৰ সমান হ’ব পাৰেনে’? নে সিহঁতে আল্লাহৰ লগত এনে কিছুমানক অংশী কৰিছে, যিসকলে আল্লাহৰ সৃষ্টিৰ দৰেই সৃষ্টি কৰিছে, যাৰ বাবে সিহঁতৰ ওচৰত সদৃশ বুলি ধাৰণা হৈছে? কোৱা, ‘কেৱল আল্লাহেই সকলো বস্তুৰ স্ৰষ্টা, আৰু তেওঁ একক, মহা প্ৰতাপশালী’।

আর-রাদ সমস্ত আয়াত

Sign up for Newsletter