بِسۡمِ ٱللَّهِ ٱلرَّحۡمَٰنِ ٱلرَّحِيمِ
قَالَ رَبِّ ٱغۡفِرۡ لِي وَلِأَخِي وَأَدۡخِلۡنَا فِي رَحۡمَتِكَۖ وَأَنتَ أَرۡحَمُ ٱلرَّـٰحِمِينَ
মুছাই ক’লে, ‘হে মোৰ প্ৰতিপালক! মোক আৰু মোৰ ভাতৃক ক্ষমা কৰি দিয়া আৰু আমাক তোমাৰ ৰহমতৰ মাজত প্ৰৱেশ কৰোৱা; আৰু তুমিয়েই সৰ্বশ্ৰেষ্ঠ দয়ালু’।
إِنَّ ٱلَّذِينَ ٱتَّخَذُواْ ٱلۡعِجۡلَ سَيَنَالُهُمۡ غَضَبٞ مِّن رَّبِّهِمۡ وَذِلَّةٞ فِي ٱلۡحَيَوٰةِ ٱلدُّنۡيَاۚ وَكَذَٰلِكَ نَجۡزِي ٱلۡمُفۡتَرِينَ
(আল্লাহে ক’লে) নিশ্চয় যিসকলে দামুৰীটোক (উপাস্যৰূপে) গ্ৰহণ কৰিছিল, শীঘ্ৰেই পাৰ্থিৱ জীৱনত সিহঁতৰ প্ৰতিপালকৰ ক্ৰোধ আৰু লাঞ্ছনা সিহঁতৰ ওপৰত আপতিত হ’ব। এইদৰেই আমি মিছা ৰটনাকাৰীসকলক প্ৰতিফল দি থাকোঁ।
وَٱلَّذِينَ عَمِلُواْ ٱلسَّيِّـَٔاتِ ثُمَّ تَابُواْ مِنۢ بَعۡدِهَا وَءَامَنُوٓاْ إِنَّ رَبَّكَ مِنۢ بَعۡدِهَا لَغَفُورٞ رَّحِيمٞ
আনহাতে যিসকলে অসৎকৰ্ম কৰিছে, কিন্তু তাৰ পিছত (যদি) সিহঁতে তাওবা কৰিছে আৰু ঈমান আনিছে, তেন্তে নিশ্চয় তোমাৰ প্ৰতিপালক ইয়াৰ পিছতো পৰম ক্ষমাশীল, পৰম দয়ালু।
وَلَمَّا سَكَتَ عَن مُّوسَى ٱلۡغَضَبُ أَخَذَ ٱلۡأَلۡوَاحَۖ وَفِي نُسۡخَتِهَا هُدٗى وَرَحۡمَةٞ لِّلَّذِينَ هُمۡ لِرَبِّهِمۡ يَرۡهَبُونَ
আৰু যেতিয়া মুছাৰ খং প্ৰশমিত হ’ল, তেতিয়া তেওঁ ফলকসমূহ তুলি ল’লে। যিসকলে নিজ প্ৰতিপালকক ভয় কৰে সিহঁতৰ বাবে সেই ফলকসমূহত যি লিখা আছিল সেয়া আছিল হিদায়ত আৰু ৰহমত।
وَٱخۡتَارَ مُوسَىٰ قَوۡمَهُۥ سَبۡعِينَ رَجُلٗا لِّمِيقَٰتِنَاۖ فَلَمَّآ أَخَذَتۡهُمُ ٱلرَّجۡفَةُ قَالَ رَبِّ لَوۡ شِئۡتَ أَهۡلَكۡتَهُم مِّن قَبۡلُ وَإِيَّـٰيَۖ أَتُهۡلِكُنَا بِمَا فَعَلَ ٱلسُّفَهَآءُ مِنَّآۖ إِنۡ هِيَ إِلَّا فِتۡنَتُكَ تُضِلُّ بِهَا مَن تَشَآءُ وَتَهۡدِي مَن تَشَآءُۖ أَنتَ وَلِيُّنَا فَٱغۡفِرۡ لَنَا وَٱرۡحَمۡنَاۖ وَأَنتَ خَيۡرُ ٱلۡغَٰفِرِينَ
আৰু মুছাই তেওঁৰ সম্প্ৰদায়ৰ পৰা সত্তৰজন লোকক আমাৰ নিৰ্ধাৰিত স্থানত একত্ৰিত হোৱাৰ বাবে মনোনীত কৰিলে। তাৰ পিছত সিহঁতে যেতিয়া ভূমিকম্পৰ দ্বাৰা আক্ৰান্ত হ’ল, তেতিয়া মুছাই ক’লে, ‘হে মোৰ প্ৰতিপালক! তুমি ইচ্ছা কৰিলে আগতেই ইহঁতক আৰু মোকো ধ্বংস কৰিব পাৰিলাহেঁতেন, আমাৰ মাজৰ নিৰ্বোধসকলে যি কৰিছে তাৰকাৰণে তুমি আমাক ধ্বংস কৰিবানে? এইটো হৈছে কেৱল তোমাৰ পৰীক্ষা, যিটোৰ দ্বাৰা তুমি যাক ইচ্ছা কৰা বিপথগামী কৰা আৰু যাক ইচ্ছা কৰা তুমি সৎপথত পৰিচালিত কৰা। তুমিয়েই আমাৰ অভিভাৱক; সেয়ে তুমি আমাক ক্ষমা কৰা আৰু আমাৰ প্ৰতি দয়া কৰা। ক্ষমাশীলসকলৰ ভিতৰত তুমিয়েই শ্ৰেষ্ঠ’।
۞وَٱكۡتُبۡ لَنَا فِي هَٰذِهِ ٱلدُّنۡيَا حَسَنَةٗ وَفِي ٱلۡأٓخِرَةِ إِنَّا هُدۡنَآ إِلَيۡكَۚ قَالَ عَذَابِيٓ أُصِيبُ بِهِۦ مَنۡ أَشَآءُۖ وَرَحۡمَتِي وَسِعَتۡ كُلَّ شَيۡءٖۚ فَسَأَكۡتُبُهَا لِلَّذِينَ يَتَّقُونَ وَيُؤۡتُونَ ٱلزَّكَوٰةَ وَٱلَّذِينَ هُم بِـَٔايَٰتِنَا يُؤۡمِنُونَ
‘লগতে তুমি আমাৰ বাবে এই পৃথিৱীত কল্যাণ লিখি দিয়া আৰু আখিৰাততো। নিশ্চয় আমি তোমাৰ ওচৰলৈ উভতি আহিছোঁ’। আল্লাহে ক’লে, ‘মোৰ শাস্তি মই যাক ইচ্ছা কৰোঁ তাকেই দিওঁ আৰু মোৰ দয়া- সেয়াতো প্ৰত্যেক বস্তুকেই আৱৰি আছে। গতিকে মই সেইটো লিখি দিম কেৱল সিহঁতৰ বাবে যিসকলে তাক্বৱা অৱলম্বন কৰে, যাকাত প্ৰদান কৰে আৰু আমাৰ আয়াতসমূহৰ প্ৰতি বিশ্বাস স্থাপন কৰে’।
ٱلَّذِينَ يَتَّبِعُونَ ٱلرَّسُولَ ٱلنَّبِيَّ ٱلۡأُمِّيَّ ٱلَّذِي يَجِدُونَهُۥ مَكۡتُوبًا عِندَهُمۡ فِي ٱلتَّوۡرَىٰةِ وَٱلۡإِنجِيلِ يَأۡمُرُهُم بِٱلۡمَعۡرُوفِ وَيَنۡهَىٰهُمۡ عَنِ ٱلۡمُنكَرِ وَيُحِلُّ لَهُمُ ٱلطَّيِّبَٰتِ وَيُحَرِّمُ عَلَيۡهِمُ ٱلۡخَبَـٰٓئِثَ وَيَضَعُ عَنۡهُمۡ إِصۡرَهُمۡ وَٱلۡأَغۡلَٰلَ ٱلَّتِي كَانَتۡ عَلَيۡهِمۡۚ فَٱلَّذِينَ ءَامَنُواْ بِهِۦ وَعَزَّرُوهُ وَنَصَرُوهُ وَٱتَّبَعُواْ ٱلنُّورَ ٱلَّذِيٓ أُنزِلَ مَعَهُۥٓ أُوْلَـٰٓئِكَ هُمُ ٱلۡمُفۡلِحُونَ
যিসকলে অনুসৰণ কৰে ৰাছুলৰ, নিৰক্ষৰ নবীৰ, যাৰ উল্লেখ সিহঁতে সিহঁতৰ ওচৰত থকা তাওৰাত আৰু ইঞ্জীলত লিপিবদ্ধ পায়, যিজনে সিহঁতক সৎকৰ্মৰ আদেশ দিয়ে, অসৎকৰ্মৰ পৰা নিষেধ কৰে, সিহঁতৰ বাবে পৱিত্ৰ বস্তুবোৰ হালাল কৰে আৰু অপৱিত্ৰ বস্তুবোৰ হাৰাম কৰে। যিয়ে সিহঁতক সিহঁতৰ ওপৰত থকা বোজাৰ পৰা আৰু শৃংখলৰ পৰা মুক্ত কৰে। এতেকে যিসকলে তেওঁৰ প্ৰতি ঈমান পোষণ কৰে, তেওঁক সন্মান কৰে, তেওঁক সহায় কৰে আৰু যি নূৰ তেওঁৰ প্ৰতি অৱতীৰ্ণ হৈছে সেইটোৰ অনুসৰণ কৰে, তেওঁলোকেই হৈছে সাফল্যমণ্ডিত।
قُلۡ يَـٰٓأَيُّهَا ٱلنَّاسُ إِنِّي رَسُولُ ٱللَّهِ إِلَيۡكُمۡ جَمِيعًا ٱلَّذِي لَهُۥ مُلۡكُ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِۖ لَآ إِلَٰهَ إِلَّا هُوَ يُحۡيِۦ وَيُمِيتُۖ فَـَٔامِنُواْ بِٱللَّهِ وَرَسُولِهِ ٱلنَّبِيِّ ٱلۡأُمِّيِّ ٱلَّذِي يُؤۡمِنُ بِٱللَّهِ وَكَلِمَٰتِهِۦ وَٱتَّبِعُوهُ لَعَلَّكُمۡ تَهۡتَدُونَ
কোৱা, ‘হে মানৱ! নিশ্চয় মই তোমালোক সকলোৰে প্ৰতি আল্লাহৰ (প্ৰেৰিত) ৰাছুল, যিজন আকাশসমূহ আৰু পৃথিৱীৰ সাৰ্বভৌমত্বৰ অধিকাৰী। তেওঁৰ বাহিৰে আন কোনো (সত্য) ইলাহ নাই; তেৱেঁই জীৱন দান কৰে আৰু তেৱেঁই মৃত্যু ঘটায়। সেয়ে তোমালোকে ঈমান পোষণ কৰা আল্লাহৰ প্ৰতি আৰু তেওঁৰ ৰাছুল নিৰক্ষৰ নবীৰ প্ৰতি, যিজনে আল্লাহ আৰু তেওঁৰ বাণীসমূহৰ ওপৰত ঈমান পোষণ কৰে; আৰু তোমালোকে তেওঁৰ অনুসৰণ কৰা যাতে তোমালোকে হিদায়তপ্ৰাপ্ত হোৱা’।
وَمِن قَوۡمِ مُوسَىٰٓ أُمَّةٞ يَهۡدُونَ بِٱلۡحَقِّ وَبِهِۦ يَعۡدِلُونَ
আৰু মুছাৰ সম্প্ৰদায়ৰ ভিতৰত এনেকুৱা এটা দলো আছে যিসকলে আনক ন্যায়ভাৱে পথ দেখুৱায় আৰু সেই অনুযায়ী (বিচাৰত) ইনচাফ কৰে।
وَقَطَّعۡنَٰهُمُ ٱثۡنَتَيۡ عَشۡرَةَ أَسۡبَاطًا أُمَمٗاۚ وَأَوۡحَيۡنَآ إِلَىٰ مُوسَىٰٓ إِذِ ٱسۡتَسۡقَىٰهُ قَوۡمُهُۥٓ أَنِ ٱضۡرِب بِّعَصَاكَ ٱلۡحَجَرَۖ فَٱنۢبَجَسَتۡ مِنۡهُ ٱثۡنَتَا عَشۡرَةَ عَيۡنٗاۖ قَدۡ عَلِمَ كُلُّ أُنَاسٖ مَّشۡرَبَهُمۡۚ وَظَلَّلۡنَا عَلَيۡهِمُ ٱلۡغَمَٰمَ وَأَنزَلۡنَا عَلَيۡهِمُ ٱلۡمَنَّ وَٱلسَّلۡوَىٰۖ كُلُواْ مِن طَيِّبَٰتِ مَا رَزَقۡنَٰكُمۡۚ وَمَا ظَلَمُونَا وَلَٰكِن كَانُوٓاْ أَنفُسَهُمۡ يَظۡلِمُونَ
আৰু সিহঁতক আমি বাৰটা গোত্ৰত বিভক্ত কৰিছিলোঁ। মুছাৰ সম্প্ৰদায়ে যেতিয়া তেওঁৰ ওচৰত পানী বিচাৰিলে, তেতিয়া আমি তেওঁৰ প্ৰতি অহী প্ৰেৰণ কৰিলোঁ, ‘তোমাৰ লাখুটিডালেৰে শিলত আঘাত কৰা’; ফলত তাৰ পৰা বাৰটা ঝৰ্ণাৰ উৎপত্তি হ’ল। প্ৰত্যেক গোত্ৰই নিজৰ নিজৰ পানী খোৱা স্থান নিৰ্ণয় কৰি ল’লে। আমি মেঘৰ দ্বাৰা সিহঁতৰ ওপৰত ছাঁ কৰি দিছিলোঁ আৰু সিহঁতৰ ওপৰত আমি মান্না আৰু ছালৱা অৱতীৰ্ণ কৰিছিলোঁ। (কৈছিলোঁ) ‘তোমালোকক যি জীৱিকা দান কৰিছোঁ তাৰ পৰা পৱিত্ৰ বস্তুবোৰ খোৱা’। সিহঁতে আমাৰ প্ৰতি কোনো অন্যায় কৰা নাছিল, বৰং সিহঁতে নিজেই নিজৰ ক্ষতি সাধন কৰিছিল।