بِسۡمِ ٱللَّهِ ٱلرَّحۡمَٰنِ ٱلرَّحِيمِ
ٱلَّذِينَ ٱتَّخَذُواْ دِينَهُمۡ لَهۡوٗا وَلَعِبٗا وَغَرَّتۡهُمُ ٱلۡحَيَوٰةُ ٱلدُّنۡيَاۚ فَٱلۡيَوۡمَ نَنسَىٰهُمۡ كَمَا نَسُواْ لِقَآءَ يَوۡمِهِمۡ هَٰذَا وَمَا كَانُواْ بِـَٔايَٰتِنَا يَجۡحَدُونَ
যিসকলে নিজৰ ধৰ্মক খেল-ধেমালিৰূপে গ্ৰহণ কৰিছিল, আৰু পাৰ্থিৱ জীৱনে যিসকলক প্ৰতাৰিত কৰিছিল। এতেকে আজি আমি সিহঁতক (জাহান্নামত) এৰি দিম, যেনেকৈ সিহঁতে সিহঁতৰ এই দিৱসৰ সাক্ষাতৰ বাবে আমল কৰা এৰি দিছিল, আৰু (যেনেকৈ) সিহঁতে আমাৰ আয়াতসমূহক অস্বীকাৰ কৰিছিল।
وَلَقَدۡ جِئۡنَٰهُم بِكِتَٰبٖ فَصَّلۡنَٰهُ عَلَىٰ عِلۡمٍ هُدٗى وَرَحۡمَةٗ لِّقَوۡمٖ يُؤۡمِنُونَ
নিশ্চয় আমি সিহঁতৰ ওচৰলৈ এনেকুৱা এখন কিতাব আনিছোঁ, যিখনক আমি জ্ঞানৰ দ্বাৰা বিশদভাৱে ব্যাখ্যা কৰিছোঁ, আৰু সেইখন হৈছে মুমিন সম্প্ৰদায়ৰ বাবে হিদায়ত আৰু ৰহমতস্বৰূপ।
هَلۡ يَنظُرُونَ إِلَّا تَأۡوِيلَهُۥۚ يَوۡمَ يَأۡتِي تَأۡوِيلُهُۥ يَقُولُ ٱلَّذِينَ نَسُوهُ مِن قَبۡلُ قَدۡ جَآءَتۡ رُسُلُ رَبِّنَا بِٱلۡحَقِّ فَهَل لَّنَا مِن شُفَعَآءَ فَيَشۡفَعُواْ لَنَآ أَوۡ نُرَدُّ فَنَعۡمَلَ غَيۡرَ ٱلَّذِي كُنَّا نَعۡمَلُۚ قَدۡ خَسِرُوٓاْ أَنفُسَهُمۡ وَضَلَّ عَنۡهُم مَّا كَانُواْ يَفۡتَرُونَ
সিহঁতে কেৱল সেই পৰিণামৰ (সংবাদ-সত্যতা বা কিয়ামতৰ) অপেক্ষাত আছে নেকি? যিদিনাখন সেই পৰিণাম প্ৰকাশ পাব, সেইদিনা যিসকলে আগতে ইয়াৰ কথা পাহৰি গৈছিল, সিহঁতে ক’ব, ‘আমাৰ প্ৰতিপালকৰ ৰাছুলসকলে সত্য বাণী লৈ আহিছিল, আমাৰ বাবে এনে কোনো চুপাৰিছকাৰী আছে নেকি যিয়ে আমাৰ বাবে চুপাৰিছ কৰিব অথবা আমাক আকৌ উভতি যোৱাৰ অৱকাশ দিয়া হ’ব—যাতে আমি আগতে যি কৰিছোঁ তাতকৈ বেলেগ কিবা কৰিব পাৰোঁ’? নিশ্চয় সিহঁতে নিজেই নিজৰ ক্ষতি সাধন কৰিছে আৰু সিহঁতে যি মিছা ৰচনা কৰিছিল, সেয়া সিহঁতৰ পৰা বিলুপ্ত হৈ গৈছে।
إِنَّ رَبَّكُمُ ٱللَّهُ ٱلَّذِي خَلَقَ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضَ فِي سِتَّةِ أَيَّامٖ ثُمَّ ٱسۡتَوَىٰ عَلَى ٱلۡعَرۡشِۖ يُغۡشِي ٱلَّيۡلَ ٱلنَّهَارَ يَطۡلُبُهُۥ حَثِيثٗا وَٱلشَّمۡسَ وَٱلۡقَمَرَ وَٱلنُّجُومَ مُسَخَّرَٰتِۭ بِأَمۡرِهِۦٓۗ أَلَا لَهُ ٱلۡخَلۡقُ وَٱلۡأَمۡرُۗ تَبَارَكَ ٱللَّهُ رَبُّ ٱلۡعَٰلَمِينَ
নিশ্চয় তোমালোকৰ প্ৰতিপালক হৈছে আল্লাহ, যিজনে আকাশসমূহ আৰু পৃথিৱীক ছয় দিনত সৃষ্টি কৰিছে, তাৰ পিছত তেওঁ আৰশ্বৰ ওপৰত উঠিছে। তেৱেঁই দিনক ৰাতিৰে আচ্ছন্ন কৰে। সেইবোৰৰ এটাই আনটোক দ্ৰুতগতিত অনুসৰণ কৰে। (লগতে তেৱেঁই সৃষ্টি কৰিছে) সূৰ্য, চন্দ্ৰ আৰু নক্ষত্ৰসমূহক, যিবোৰ তেওঁৰ আদেশৰেই অনুগত। জানি থোৱা, সৃজন আৰু আদেশ কেৱল তেওঁৰেই। বিশ্বজগতৰ প্ৰতিপালক আল্লাহ মহা বৰকতময়!
ٱدۡعُواْ رَبَّكُمۡ تَضَرُّعٗا وَخُفۡيَةًۚ إِنَّهُۥ لَا يُحِبُّ ٱلۡمُعۡتَدِينَ
তোমালোকে বিনীতভাৱে আৰু গোপনে নিজ প্ৰতিপালকক আহ্বান কৰা; নিশ্চয় তেওঁ সীমালংঘনকাৰীসকলক পছন্দ নকৰে।
وَلَا تُفۡسِدُواْ فِي ٱلۡأَرۡضِ بَعۡدَ إِصۡلَٰحِهَا وَٱدۡعُوهُ خَوۡفٗا وَطَمَعًاۚ إِنَّ رَحۡمَتَ ٱللَّهِ قَرِيبٞ مِّنَ ٱلۡمُحۡسِنِينَ
আৰু পৃথিৱীত শান্তি স্থাপনৰ পিছত তোমালোকে তাত বিপৰ্যয় সৃষ্টি নকৰিবা; আৰু আল্লাহক ভয় আৰু আশাৰ সৈতে প্ৰাৰ্থনা কৰা। নিশ্চয় আল্লাহৰ অনুগ্ৰহ সৎকৰ্মশীলসকলৰ অতি নিকটৱৰ্তী।
وَهُوَ ٱلَّذِي يُرۡسِلُ ٱلرِّيَٰحَ بُشۡرَۢا بَيۡنَ يَدَيۡ رَحۡمَتِهِۦۖ حَتَّىٰٓ إِذَآ أَقَلَّتۡ سَحَابٗا ثِقَالٗا سُقۡنَٰهُ لِبَلَدٖ مَّيِّتٖ فَأَنزَلۡنَا بِهِ ٱلۡمَآءَ فَأَخۡرَجۡنَا بِهِۦ مِن كُلِّ ٱلثَّمَرَٰتِۚ كَذَٰلِكَ نُخۡرِجُ ٱلۡمَوۡتَىٰ لَعَلَّكُمۡ تَذَكَّرُونَ
আৰু তেৱেঁই সেই সত্ত্বা, যিজনে তেওঁৰ ৰহমতৰ (বৰষুণৰ) আগত বতাহক সুসংবাদৰূপে প্ৰবাহিত কৰে, অৱশেষত যেতিয়া সেই বতাহে গধুৰ মেঘ বহন কৰি লৈ আহে, তেতিয়া আমি সেইটোক মৃত জনপদ (মৃত ভূ-খণ্ড)ৰ ফালে প্ৰেৰিত কৰোঁ, তাৰ পিছত আমি তাৰ পৰাই পানী বৰ্ষণ কৰোঁ, আৰু তাৰ দ্বাৰাই আমি বিভিন্ন ধৰণৰ ফলমূল উৎপাদন কৰোঁ। এইদৰেই আমি মৃতসকলক জীৱিত কৰোঁ, যাতে তোমালোকে উপদেশ গ্ৰহণ কৰিব পাৰা।
وَٱلۡبَلَدُ ٱلطَّيِّبُ يَخۡرُجُ نَبَاتُهُۥ بِإِذۡنِ رَبِّهِۦۖ وَٱلَّذِي خَبُثَ لَا يَخۡرُجُ إِلَّا نَكِدٗاۚ كَذَٰلِكَ نُصَرِّفُ ٱلۡأٓيَٰتِ لِقَوۡمٖ يَشۡكُرُونَ
আৰু উৎকৃষ্ট ভূমি- ইয়াৰ ফচল তাৰ প্ৰতিপালকৰ আদেশত উৎপন্ন হয়। আনহাতে যিটো নিকৃষ্ট, তাত কঠোৰ পৰিশ্ৰম নকৰালৈকে একোৱে নজন্মে। এইদৰে আমি কৃতজ্ঞ সম্প্ৰদায়ৰ বাবে নিদৰ্শনসমূহ বিভিন্নভাৱে বিৱৰণ কৰোঁ।
لَقَدۡ أَرۡسَلۡنَا نُوحًا إِلَىٰ قَوۡمِهِۦ فَقَالَ يَٰقَوۡمِ ٱعۡبُدُواْ ٱللَّهَ مَا لَكُم مِّنۡ إِلَٰهٍ غَيۡرُهُۥٓ إِنِّيٓ أَخَافُ عَلَيۡكُمۡ عَذَابَ يَوۡمٍ عَظِيمٖ
নিশ্চয় আমি নূহক তেওঁৰ সম্প্ৰদায়ৰ ওচৰলৈ প্ৰেৰণ কৰিছিলোঁ। তাৰ পিছত তেওঁ কৈছিল, ‘হে মোৰ সম্প্ৰদায়! তোমালোকে একমাত্ৰ আল্লাহৰ ইবাদত কৰা, তেওঁৰ বাহিৰে তোমালোকৰ আন কোনো (সত্য) ইলাহ নাই। নিশ্চয় মই তোমালোকৰ ওপৰত মহাদিৱসৰ শাস্তিৰ আশংকা কৰি আছোঁ’।
قَالَ ٱلۡمَلَأُ مِن قَوۡمِهِۦٓ إِنَّا لَنَرَىٰكَ فِي ضَلَٰلٖ مُّبِينٖ
তেওঁৰ সম্প্ৰদায়ৰ প্ৰধানসকলে কৈছিল, ‘আমি তোমাক স্পষ্ট ভ্ৰষ্টতাৰ মাজত নিপতিত দেখি আছোঁ’।