Details for the specified language are not available. Surah Englsh Translation, Transliteration Tafsir [81-90] - Quran4Ever

Read More
Read Less
 

بِسۡمِ ٱللَّهِ ٱلرَّحۡمَٰنِ ٱلرَّحِيمِ

 

إِنَّكُمۡ لَتَأۡتُونَ ٱلرِّجَالَ شَهۡوَةٗ مِّن دُونِ ٱلنِّسَآءِۚ بَلۡ أَنتُمۡ قَوۡمٞ مُّسۡرِفُونَ

‘নিশ্চয় তোমালোকে যৌন কামনা-তৃপ্তিৰ বাবে নাৰীসকলৰ পৰিবৰ্তে পুৰুষসকলৰ ওচৰলৈ যোৱা, বৰং তোমালোক হৈছা সীমালংঘনকাৰী সম্প্ৰদায়’।

وَمَا كَانَ جَوَابَ قَوۡمِهِۦٓ إِلَّآ أَن قَالُوٓاْ أَخۡرِجُوهُم مِّن قَرۡيَتِكُمۡۖ إِنَّهُمۡ أُنَاسٞ يَتَطَهَّرُونَ

উত্তৰত তেওঁৰ সম্প্ৰদায়ে কেৱল এই বুলি ক’লে, ‘এওঁলোকক তোমালোকৰ জনপদৰ পৰা উলিয়াই দিয়া, নিশ্চয় এওঁলোক হৈছে এনেকুৱা লোক, যিসকলে অতি পৱিত্ৰ হ’ব বিচাৰে’।

فَأَنجَيۡنَٰهُ وَأَهۡلَهُۥٓ إِلَّا ٱمۡرَأَتَهُۥ كَانَتۡ مِنَ ٱلۡغَٰبِرِينَ

তাৰ পিছত আমি তেওঁক আৰু তেওঁৰ পৰিয়ালক উদ্ধাৰ কৰিছিলোঁ কেৱল তেওঁৰ স্ত্ৰীৰ বাহিৰে, তাই আছিল পিছত অৱস্থানকাৰীসকলৰ অন্তৰ্ভুক্ত।

وَأَمۡطَرۡنَا عَلَيۡهِم مَّطَرٗاۖ فَٱنظُرۡ كَيۡفَ كَانَ عَٰقِبَةُ ٱلۡمُجۡرِمِينَ

আৰু আমি সিহঁতৰ ওপৰত প্ৰবল ধাৰাষাৰ বৰষুণ বৰ্ষাইছিলোঁ। এতেকে চোৱা, অপৰাধীসকলৰ পৰিণাম কেনেকুৱা আছিল।

وَإِلَىٰ مَدۡيَنَ أَخَاهُمۡ شُعَيۡبٗاۚ قَالَ يَٰقَوۡمِ ٱعۡبُدُواْ ٱللَّهَ مَا لَكُم مِّنۡ إِلَٰهٍ غَيۡرُهُۥۖ قَدۡ جَآءَتۡكُم بَيِّنَةٞ مِّن رَّبِّكُمۡۖ فَأَوۡفُواْ ٱلۡكَيۡلَ وَٱلۡمِيزَانَ وَلَا تَبۡخَسُواْ ٱلنَّاسَ أَشۡيَآءَهُمۡ وَلَا تُفۡسِدُواْ فِي ٱلۡأَرۡضِ بَعۡدَ إِصۡلَٰحِهَاۚ ذَٰلِكُمۡ خَيۡرٞ لَّكُمۡ إِن كُنتُم مُّؤۡمِنِينَ

আৰু মাদইয়ানবাসীসকলৰ ওচৰলৈ সিহঁতৰ ভাতৃ শ্বুআইবক (প্ৰেৰণ কৰিছিলোঁ)। তেওঁ কৈছিল, ‘হে মোৰ সম্প্ৰদায়! তোমালোকে কেৱল আল্লাহৰ ইবাদত কৰা। তেওঁৰ বাহিৰে তোমালোকৰ আন কোনো (সত্য) ইলাহ নাই। নিশ্চয় তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমালোকৰ ওচৰলৈ স্পষ্ট প্ৰমাণ আহি পাইছে। গতিকে তোমালোকে জোখ-মাপত ওজন পৰিপূৰ্ণৰূপে প্ৰদান কৰিবা, মানুহক সিহঁতৰ প্ৰাপ্য বস্তু কম নিদিবা, লগতে পৃথিৱীত শান্তি স্থাপনৰ পিছত বিপৰ্যয় সৃষ্টি নকৰিবা, এইটোৱেই তোমালোকৰ বাবে কল্যাণকৰ, যদি তোমালোকে মুমিন হোৱা’।

وَلَا تَقۡعُدُواْ بِكُلِّ صِرَٰطٖ تُوعِدُونَ وَتَصُدُّونَ عَن سَبِيلِ ٱللَّهِ مَنۡ ءَامَنَ بِهِۦ وَتَبۡغُونَهَا عِوَجٗاۚ وَٱذۡكُرُوٓاْ إِذۡ كُنتُمۡ قَلِيلٗا فَكَثَّرَكُمۡۖ وَٱنظُرُواْ كَيۡفَ كَانَ عَٰقِبَةُ ٱلۡمُفۡسِدِينَ

‘লগতে যিসকলে আল্লাহৰ প্ৰতি ঈমান আনিছে তেওঁলোকক ভয় দেখুৱাবলৈ আৰু আল্লাহৰ পথত তেওঁলোকক বাধা প্ৰদান কৰিবলৈ তথা তাত বক্ৰতা (দোষ-ত্ৰুটি) অনুসন্ধান কৰিবলৈ তোমালোকে প্ৰতিটো পথত বহি নাথাকিবা। স্মৰণ কৰা, তোমালোকে যেতিয়া সংখ্যাত কম আছিলা, তেতিয়া তেৱেঁই তোমালোকৰ সংখ্যা বৃদ্ধি কৰিছিল। লগতে লক্ষ্য কৰি চোৱাচোন, বিপৰ্যয় সৃষ্টিকাৰীসকলৰ পৰিণাম কেনেকুৱা আছিল’।

وَإِن كَانَ طَآئِفَةٞ مِّنكُمۡ ءَامَنُواْ بِٱلَّذِيٓ أُرۡسِلۡتُ بِهِۦ وَطَآئِفَةٞ لَّمۡ يُؤۡمِنُواْ فَٱصۡبِرُواْ حَتَّىٰ يَحۡكُمَ ٱللَّهُ بَيۡنَنَاۚ وَهُوَ خَيۡرُ ٱلۡحَٰكِمِينَ

মই যি লৈ প্ৰেৰিত হৈছোঁ তাত যদি তোমালোকৰ কোনো এটা দলে ঈমান পোষণ কৰে আৰু আনটো দলে ঈমান পোষণ নকৰে, তেন্তে আল্লাহে আমাৰ মাজত ফয়চালা নকৰালৈকে ধৈৰ্য্য ধাৰণ কৰা, আৰু তেৱেঁই শ্ৰেষ্ঠ ফয়চালাকাৰী।

۞قَالَ ٱلۡمَلَأُ ٱلَّذِينَ ٱسۡتَكۡبَرُواْ مِن قَوۡمِهِۦ لَنُخۡرِجَنَّكَ يَٰشُعَيۡبُ وَٱلَّذِينَ ءَامَنُواْ مَعَكَ مِن قَرۡيَتِنَآ أَوۡ لَتَعُودُنَّ فِي مِلَّتِنَاۚ قَالَ أَوَلَوۡ كُنَّا كَٰرِهِينَ

তেওঁৰ সম্প্ৰদায়ৰ অহংকাৰী নেতাসকলে ক’লে, ‘হে শ্বুআইব! নিশ্চয় আমি তোমাক আৰু তোমাৰ লগত যিসকলে ঈমান আনিছে সিহঁতক আমাৰ জনপদৰ পৰা উলিয়াই দিম নাইবা তোমালোকে আমাৰ ধৰ্মলৈ ধৰ্মান্তৰিত হ’বই লাগিব’। তেওঁ ক’লে, ‘যদিও আমি সেইটোক ঘৃণা কৰোঁ তথাপিও (বাধ্য কৰাবানে)’?

قَدِ ٱفۡتَرَيۡنَا عَلَى ٱللَّهِ كَذِبًا إِنۡ عُدۡنَا فِي مِلَّتِكُم بَعۡدَ إِذۡ نَجَّىٰنَا ٱللَّهُ مِنۡهَاۚ وَمَا يَكُونُ لَنَآ أَن نَّعُودَ فِيهَآ إِلَّآ أَن يَشَآءَ ٱللَّهُ رَبُّنَاۚ وَسِعَ رَبُّنَا كُلَّ شَيۡءٍ عِلۡمًاۚ عَلَى ٱللَّهِ تَوَكَّلۡنَاۚ رَبَّنَا ٱفۡتَحۡ بَيۡنَنَا وَبَيۡنَ قَوۡمِنَا بِٱلۡحَقِّ وَأَنتَ خَيۡرُ ٱلۡفَٰتِحِينَ

‘তোমালোকৰ ধৰ্মাদৰ্শৰ পৰা আল্লাহে আমাক উদ্ধাৰ কৰাৰ পিছত, যদি আমি তাত আকৌ উভতি যাওঁ তেন্তে আমি আল্লাহৰ ওপৰত মিছা কথা আৰোপ কৰা হ’ব। আমাৰ প্ৰতিপালক আল্লাহে ইচ্ছা নকৰিলে তাত উভতি যোৱা আমাৰ বাবে সমীচীন নহয়। আমাৰ প্ৰতিপালকে জ্ঞানৰ দ্বাৰা সকলো বস্তুকে পৰিব্যপ্ত কৰি আছে, আমি আল্লাহৰ ওপৰতেই নিৰ্ভৰ কৰোঁ। হে আমাৰ প্ৰতিপালক! আমাৰ আৰু আমাৰ সম্প্ৰদায়ৰ মাজত ন্যায়ভাৱে ফয়চালা কৰি দিয়া আৰু তুমিয়েই শ্ৰেষ্ঠ ফয়চালাকাৰী’।

وَقَالَ ٱلۡمَلَأُ ٱلَّذِينَ كَفَرُواْ مِن قَوۡمِهِۦ لَئِنِ ٱتَّبَعۡتُمۡ شُعَيۡبًا إِنَّكُمۡ إِذٗا لَّخَٰسِرُونَ

আৰু তেওঁৰ সম্প্ৰদায়ৰ কাফিৰ নেতাসকলে ক’লে, ‘তোমালোকে যদি শ্বুআইবক অনুসৰণ কৰা তেন্তে নিশ্চয় তোমালোকে ক্ষতিগ্ৰস্ত হ’বা’।

Surah assamese Translation and Transliteration

In Surah you can read the translation of Ahmad Raza Khan who was a renowned scholar of the Islamic world and his translation book is known as Kanzul Imaan. You can read the transliteration of Surah which will help you to understand how to read the Arabic text. Apart from that, we have included a Word-By-Word assamese Translation of the Arabic text of Surah .

Surah assamese Tafsir/Tafseer (Commentry)

In Surah we have included two Tafseer (Commentary) in assamese. The first one is from Mufti Ahmad Yaar Khan who was a well-known scholar. In this tafsir, we have also included the most popular Tafsir Ibn-Kathir which is the most comprehensive tafsir available in the world. You can read both or any one of your choice.

Sign up for Newsletter