بِسۡمِ ٱللَّهِ ٱلرَّحۡمَٰنِ ٱلرَّحِيمِ
سَتَجِدُونَ ءَاخَرِينَ يُرِيدُونَ أَن يَأۡمَنُوكُمۡ وَيَأۡمَنُواْ قَوۡمَهُمۡ كُلَّ مَا رُدُّوٓاْ إِلَى ٱلۡفِتۡنَةِ أُرۡكِسُواْ فِيهَاۚ فَإِن لَّمۡ يَعۡتَزِلُوكُمۡ وَيُلۡقُوٓاْ إِلَيۡكُمُ ٱلسَّلَمَ وَيَكُفُّوٓاْ أَيۡدِيَهُمۡ فَخُذُوهُمۡ وَٱقۡتُلُوهُمۡ حَيۡثُ ثَقِفۡتُمُوهُمۡۚ وَأُوْلَـٰٓئِكُمۡ جَعَلۡنَا لَكُمۡ عَلَيۡهِمۡ سُلۡطَٰنٗا مُّبِينٗا
তোমালোকে অনতিপলমে কিছুমান লোকক দেখিবলৈ পাবা, যিসকলে তোমালোকৰ লগত আৰু সিহঁতৰ সম্প্ৰদায়ৰ লগত শান্তি বিচাৰিব। যেতিয়াই সিহঁতক ফিতনাৰ ফালে মনোনিবেশ কৰোৱা হয় তেতিয়াই এই বিষয়ে সিহঁতে সিহঁতৰ আগৰ অৱস্থালৈ উভতি যায়। যদি সিহঁতে তোমালোকৰ পৰা বিৰত নাথাকে, তোমালোকৰ ওচৰত শান্তি প্ৰস্তাৱ নকৰে আৰু সিহঁতৰ হস্ত সংবৰণ নকৰে তেন্তে সিহঁতক য’তেই পাবা গ্ৰেফতাৰ কৰিবা আৰু হত্যা কৰিবা, আৰু আমি তোমালোকক ইহঁতৰ বিৰুদ্ধাচৰণৰ স্পষ্ট অধিকাৰ দিছোঁ।
وَمَا كَانَ لِمُؤۡمِنٍ أَن يَقۡتُلَ مُؤۡمِنًا إِلَّا خَطَـٔٗاۚ وَمَن قَتَلَ مُؤۡمِنًا خَطَـٔٗا فَتَحۡرِيرُ رَقَبَةٖ مُّؤۡمِنَةٖ وَدِيَةٞ مُّسَلَّمَةٌ إِلَىٰٓ أَهۡلِهِۦٓ إِلَّآ أَن يَصَّدَّقُواْۚ فَإِن كَانَ مِن قَوۡمٍ عَدُوّٖ لَّكُمۡ وَهُوَ مُؤۡمِنٞ فَتَحۡرِيرُ رَقَبَةٖ مُّؤۡمِنَةٖۖ وَإِن كَانَ مِن قَوۡمِۭ بَيۡنَكُمۡ وَبَيۡنَهُم مِّيثَٰقٞ فَدِيَةٞ مُّسَلَّمَةٌ إِلَىٰٓ أَهۡلِهِۦ وَتَحۡرِيرُ رَقَبَةٖ مُّؤۡمِنَةٖۖ فَمَن لَّمۡ يَجِدۡ فَصِيَامُ شَهۡرَيۡنِ مُتَتَابِعَيۡنِ تَوۡبَةٗ مِّنَ ٱللَّهِۗ وَكَانَ ٱللَّهُ عَلِيمًا حَكِيمٗا
কোনো এজন মুমিনে আন কোনো মুমিনক হত্যা কৰা বৈধ নহয়, কিন্তু ভুলবশতঃ কৰিলে সেয়া সুকীয়া কথা; আৰু যিয়ে কোনো মুমিনক ভুলবশতঃ হত্যা কৰিছে তেন্তে তাৰ বাবে এজন মুমিন দাস মুক্ত কৰা আৰু তাৰ পৰিয়ালবৰ্গক ৰক্তপণ আদায় কৰা কৰ্তব্য, যদি সিহঁতে ক্ষমা নকৰে; আৰু যদি সেইজন তোমালোকৰ শত্ৰু পক্ষৰ লোক হয় তেন্তে এজন মুমিন দাস মুক্ত কৰা কৰ্তব্য; আৰু যদি সেইজন এনে সম্প্ৰদায়ভুক্ত হয় যিসকলৰ লগত তোমালোক অঙ্গীকাৰাৱদ্ধ তেন্তে তাৰ পৰিয়ালবৰ্গক ৰক্তপণ আদায় দিয়াৰ লগতে এজন মুমিন দাস মুক্ত কৰা কৰ্তব্য। আনহাতে যদি (উক্ত দাস) নাপায় (বা মুক্ত কৰাৰ সামৰ্থ নাথাকে) তেন্তে সি একাদিক্ৰমে দুমাহ ছিয়াম পালন কৰিব। এইটো আল্লাহৰ তৰফৰ পৰা ক্ষমাস্বৰূপ; আৰু আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।
وَمَن يَقۡتُلۡ مُؤۡمِنٗا مُّتَعَمِّدٗا فَجَزَآؤُهُۥ جَهَنَّمُ خَٰلِدٗا فِيهَا وَغَضِبَ ٱللَّهُ عَلَيۡهِ وَلَعَنَهُۥ وَأَعَدَّ لَهُۥ عَذَابًا عَظِيمٗا
পক্ষান্তৰে যিয়ে ইচ্ছাকৃতভাৱে কোনো মুমিনক হত্যা কৰিব তাৰ শাস্তি হৈছে জাহান্নাম, তাত সি স্থায়ী হ’ব; আৰু আল্লাহে তাৰ প্ৰতি ক্ৰুদ্ধ হ’ব লগতে তাৰ ওপৰত অভিসম্পাত কৰিব আৰু তাৰ বাবে প্ৰস্তুত ৰাখিব মহাশাস্তি।
يَـٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوٓاْ إِذَا ضَرَبۡتُمۡ فِي سَبِيلِ ٱللَّهِ فَتَبَيَّنُواْ وَلَا تَقُولُواْ لِمَنۡ أَلۡقَىٰٓ إِلَيۡكُمُ ٱلسَّلَٰمَ لَسۡتَ مُؤۡمِنٗا تَبۡتَغُونَ عَرَضَ ٱلۡحَيَوٰةِ ٱلدُّنۡيَا فَعِندَ ٱللَّهِ مَغَانِمُ كَثِيرَةٞۚ كَذَٰلِكَ كُنتُم مِّن قَبۡلُ فَمَنَّ ٱللَّهُ عَلَيۡكُمۡ فَتَبَيَّنُوٓاْۚ إِنَّ ٱللَّهَ كَانَ بِمَا تَعۡمَلُونَ خَبِيرٗا
হে মুমিনসকল! তোমালোকে যেতিয়া আল্লাহৰ পথত যাত্ৰা কৰিবা তেতিয়া পাৰ্থক্য নিৰ্ণয় কৰিবা আৰু কোনোবাই তোমালোকক ছালাম কৰিলে পাৰ্থিৱ জীৱনৰ সম্পদৰ আশাত তাক এই বুলি নক’বা যে, ‘তুমি মুমিন নহয়’, কাৰণ আল্লাহৰ ওচৰত অনায়াসলভ্য সম্পদ প্ৰচুৰ আছে। তোমালোকেও আগতে এনেকুৱাই আছিলা, তাৰ পিছত আল্লাহে তোমালোকৰ প্ৰতি অনুগ্ৰহ কৰিছে, সেয়ে তোমালোকে পাৰ্থক্য নিৰ্ণয় কৰিবা। নিশ্চয় তোমালোকে যি কৰা সেই বিষয়ে আল্লাহ সবিশেষ অৱগত।
لَّا يَسۡتَوِي ٱلۡقَٰعِدُونَ مِنَ ٱلۡمُؤۡمِنِينَ غَيۡرُ أُوْلِي ٱلضَّرَرِ وَٱلۡمُجَٰهِدُونَ فِي سَبِيلِ ٱللَّهِ بِأَمۡوَٰلِهِمۡ وَأَنفُسِهِمۡۚ فَضَّلَ ٱللَّهُ ٱلۡمُجَٰهِدِينَ بِأَمۡوَٰلِهِمۡ وَأَنفُسِهِمۡ عَلَى ٱلۡقَٰعِدِينَ دَرَجَةٗۚ وَكُلّٗا وَعَدَ ٱللَّهُ ٱلۡحُسۡنَىٰۚ وَفَضَّلَ ٱللَّهُ ٱلۡمُجَٰهِدِينَ عَلَى ٱلۡقَٰعِدِينَ أَجۡرًا عَظِيمٗا
মুমিনসকলৰ মাজত যিসকল অক্ষম নহয় তথাপিও ঘৰত বহি থাকে, আৰু যিসকলে আল্লাহৰ পথত নিজৰ ধন-প্ৰাণৰ দ্বাৰা জিহাদ কৰে তেওঁলোক সমান নহয়। যিসকলে নিজৰ ধন-প্ৰাণৰ দ্বাৰা জিহাদ কৰে আল্লাহে তেওঁলোকক সিহঁতৰ ওপৰত মৰ্যাদা প্ৰদান কৰিছে যিসকলে ঘৰত বহি থাকে, আল্লাহে প্ৰত্যেককে কল্যাণৰ প্ৰতিশ্ৰুতি দিছে। আল্লাহে মুজাহিদসকলক মহাপুৰস্কাৰৰ জৰিয়তে ঘৰত বহি থকা লোকসকলৰ ওপৰত শ্ৰেষ্ঠত্ব প্ৰদান কৰিছে।
دَرَجَٰتٖ مِّنۡهُ وَمَغۡفِرَةٗ وَرَحۡمَةٗۚ وَكَانَ ٱللَّهُ غَفُورٗا رَّحِيمًا
এইবোৰ হৈছে তেওঁৰ তৰফৰ পৰা মৰ্যাদা, ক্ষমা আৰু ৰহমত; (জানি থোৱা) আল্লাহ ক্ষমাশীল, পৰম দয়ালু।
إِنَّ ٱلَّذِينَ تَوَفَّىٰهُمُ ٱلۡمَلَـٰٓئِكَةُ ظَالِمِيٓ أَنفُسِهِمۡ قَالُواْ فِيمَ كُنتُمۡۖ قَالُواْ كُنَّا مُسۡتَضۡعَفِينَ فِي ٱلۡأَرۡضِۚ قَالُوٓاْ أَلَمۡ تَكُنۡ أَرۡضُ ٱللَّهِ وَٰسِعَةٗ فَتُهَاجِرُواْ فِيهَاۚ فَأُوْلَـٰٓئِكَ مَأۡوَىٰهُمۡ جَهَنَّمُۖ وَسَآءَتۡ مَصِيرًا
নিশ্চয় যিসকলে নিজৰ ওপৰত অন্যায় কৰে সিহঁতৰ প্ৰাণগ্ৰহণৰ সময়ত ফিৰিস্তাসকলে কয়, ‘তোমালোকে কি অৱস্থাত আছিলা’? সিহঁতে কয়, ‘পৃথিৱীত আমি নিঃসহায় আছিলোঁ’, সিহঁতে কয়, ‘আল্লাহৰ পৃথিৱী ইমান প্ৰশস্ত নাছিলনে যে তোমালোকে আন ঠাইলৈ হিজৰত কৰি যাব নোৱাৰিলা’? ইহঁতৰেই আবাসস্থল জাহান্নাম, আৰু এইটো কিমান যে নিকৃষ্ট আবাস!
إِلَّا ٱلۡمُسۡتَضۡعَفِينَ مِنَ ٱلرِّجَالِ وَٱلنِّسَآءِ وَٱلۡوِلۡدَٰنِ لَا يَسۡتَطِيعُونَ حِيلَةٗ وَلَا يَهۡتَدُونَ سَبِيلٗا
কিন্তু যিসকল অসহায় পুৰুষ, নাৰী আৰু শিশুৱে কোনো উপায় অৱলম্বন কৰিব নোৱাৰে আৰু কোনো পথ বিচাৰিও নাপায় (সিহঁতৰ কথাটো সুকীয়া)।
فَأُوْلَـٰٓئِكَ عَسَى ٱللَّهُ أَن يَعۡفُوَ عَنۡهُمۡۚ وَكَانَ ٱللَّهُ عَفُوًّا غَفُورٗا
আল্লাহে হয়তো শীঘ্ৰেই সিহঁতৰ পাপ মোচন কৰিব, কাৰণ আল্লাহ পাপ মোচনকাৰী, ক্ষমাশীল।
۞وَمَن يُهَاجِرۡ فِي سَبِيلِ ٱللَّهِ يَجِدۡ فِي ٱلۡأَرۡضِ مُرَٰغَمٗا كَثِيرٗا وَسَعَةٗۚ وَمَن يَخۡرُجۡ مِنۢ بَيۡتِهِۦ مُهَاجِرًا إِلَى ٱللَّهِ وَرَسُولِهِۦ ثُمَّ يُدۡرِكۡهُ ٱلۡمَوۡتُ فَقَدۡ وَقَعَ أَجۡرُهُۥ عَلَى ٱللَّهِۗ وَكَانَ ٱللَّهُ غَفُورٗا رَّحِيمٗا
আৰু যিয়ে আল্লাহৰ পথত হিজৰত কৰিব তেওঁ পৃথিৱীত বহুতো আশ্ৰয়স্থল আৰু প্ৰাচুৰ্য লাভ কৰিব; লগতে আল্লাহ আৰু ৰাছুলৰ উদ্দেশ্যে নিজ ঘৰৰ পৰা মুহাজিৰ হৈ ওলাই যোৱাৰ পিছত যাৰ মৃত্যু ঘটিব তাৰ পুৰস্কাৰৰ দায়িত্ব হৈছে আল্লাহৰ ওপৰত; আৰু আল্লাহ ক্ষমাশীল, পৰম দয়ালু।