بِسۡمِ ٱللَّهِ ٱلرَّحۡمَٰنِ ٱلرَّحِيمِ
وَكَيۡفَ تَأۡخُذُونَهُۥ وَقَدۡ أَفۡضَىٰ بَعۡضُكُمۡ إِلَىٰ بَعۡضٖ وَأَخَذۡنَ مِنكُم مِّيثَٰقًا غَلِيظٗا
আৰু কেনেকৈ তোমালোকে সেয়া গ্ৰহণ কৰিবা? অথচ তোমালোকে ইজনে সিজনৰ লগত সংগত হৈছিলা (সম্ভোগ কৰিছা) আৰু সিহঁতেও তোমালোকৰ পৰা দৃঢ় অঙ্গীকাৰ লৈছিল।
وَلَا تَنكِحُواْ مَا نَكَحَ ءَابَآؤُكُم مِّنَ ٱلنِّسَآءِ إِلَّا مَا قَدۡ سَلَفَۚ إِنَّهُۥ كَانَ فَٰحِشَةٗ وَمَقۡتٗا وَسَآءَ سَبِيلًا
নাৰীসকলৰ মাজৰ পৰা যিসকলক তোমালোকৰ পিতৃ পুৰুষে বিবাহ কৰিছে, তোমালোকে সিহঁতক বিবাহ নকৰিবা, কিন্তু পূৰ্বে যি সংঘটিত হৈছে (সেয়া ক্ষমা কৰা হ’ল)। নিশ্চয় সেয়া আছিল অশ্লীলতা, মাৰাত্মক ঘৃণিত বিষয় আৰু নিকৃষ্ট পথ।
حُرِّمَتۡ عَلَيۡكُمۡ أُمَّهَٰتُكُمۡ وَبَنَاتُكُمۡ وَأَخَوَٰتُكُمۡ وَعَمَّـٰتُكُمۡ وَخَٰلَٰتُكُمۡ وَبَنَاتُ ٱلۡأَخِ وَبَنَاتُ ٱلۡأُخۡتِ وَأُمَّهَٰتُكُمُ ٱلَّـٰتِيٓ أَرۡضَعۡنَكُمۡ وَأَخَوَٰتُكُم مِّنَ ٱلرَّضَٰعَةِ وَأُمَّهَٰتُ نِسَآئِكُمۡ وَرَبَـٰٓئِبُكُمُ ٱلَّـٰتِي فِي حُجُورِكُم مِّن نِّسَآئِكُمُ ٱلَّـٰتِي دَخَلۡتُم بِهِنَّ فَإِن لَّمۡ تَكُونُواْ دَخَلۡتُم بِهِنَّ فَلَا جُنَاحَ عَلَيۡكُمۡ وَحَلَـٰٓئِلُ أَبۡنَآئِكُمُ ٱلَّذِينَ مِنۡ أَصۡلَٰبِكُمۡ وَأَن تَجۡمَعُواْ بَيۡنَ ٱلۡأُخۡتَيۡنِ إِلَّا مَا قَدۡ سَلَفَۗ إِنَّ ٱللَّهَ كَانَ غَفُورٗا رَّحِيمٗا
তোমালোকৰ ওপৰত হাৰাম কৰা হৈছে, তোমালোকৰ মাতৃসকলক, জীয়েকসকলক, বাই-ভনীসকলক, জেঠাই-পেহীসকলক, জেঠাই-মাহীসকলক, ভতিজীসকলক, ভাগিনীসকলক, ধাই মাতৃসকলক, পিয়াহ সম্বন্ধীয় বাই-ভনীসকলক, শাহুয়েক আৰু তোমালোকৰ স্ত্ৰীসকলৰ মাজত যাৰ লগত সম্ভোগ কৰিছা তাইৰ আগৰ স্বামীৰ দ্বাৰা গৰ্ভজাত ছোৱালীক, যাক তোমালোকে লালন-পালন কৰিছা; কিন্তু যদি সম্ভোগ কৰা নাই তেন্তে তোমালোকৰ বাবে কোনো অপৰাধ নাই। তোমালোকৰ বাবে আৰু নিষিদ্ধ কৰা হৈছে তোমালোকৰ ঔৰষজাত পুত্ৰৰ স্ত্ৰীসকলক আৰু দুজনী ভনীক-বায়েকক একত্ৰিত কৰা, অতীতত যি হ’ল, সেয়া হ’ল। নিশ্চয় আল্লাহ ক্ষমাশীল, পৰম দয়ালু।
۞وَٱلۡمُحۡصَنَٰتُ مِنَ ٱلنِّسَآءِ إِلَّا مَا مَلَكَتۡ أَيۡمَٰنُكُمۡۖ كِتَٰبَ ٱللَّهِ عَلَيۡكُمۡۚ وَأُحِلَّ لَكُم مَّا وَرَآءَ ذَٰلِكُمۡ أَن تَبۡتَغُواْ بِأَمۡوَٰلِكُم مُّحۡصِنِينَ غَيۡرَ مُسَٰفِحِينَۚ فَمَا ٱسۡتَمۡتَعۡتُم بِهِۦ مِنۡهُنَّ فَـَٔاتُوهُنَّ أُجُورَهُنَّ فَرِيضَةٗۚ وَلَا جُنَاحَ عَلَيۡكُمۡ فِيمَا تَرَٰضَيۡتُم بِهِۦ مِنۢ بَعۡدِ ٱلۡفَرِيضَةِۚ إِنَّ ٱللَّهَ كَانَ عَلِيمًا حَكِيمٗا
আৰু নাৰীসকলৰ মাজৰ তোমালোকৰ অধিকাৰভুক্ত দাসীৰ বাহিৰে আনৰ বিবাহ বন্ধনত থকা তিৰোতাসকল তোমালোকৰ বাবে নিষিদ্ধ কৰা হৈছে, তোমালোকৰ বাবে এইবোৰ হৈছে আল্লাহৰ বিধান। উল্লেখিত নাৰীসকলৰ বাহিৰে অন্য সকলো নাৰীক বিবাহ কৰাটো তোমালোকৰ বাবে বৈধ কৰা হৈছে, এই চৰ্তত যে তোমালোকে সিহঁতক নিজৰ সম্পদৰ বিনিময়ত (মোহৰ প্ৰদান কৰি) বিবাহৰ মাধ্যমত গ্ৰহণ কৰিবা, অবৈধ যৌন সম্পৰ্কৰ বাবে নহয়। সিহঁতৰ মাজৰ যিসকলৰ সৈতে তোমালোকে সম্ভোগ কৰিছা সিহঁতক সিহঁতৰ নিৰ্ধাৰিত মোহৰ অৰ্পণ কৰিবা। মোহৰ নিৰ্ধাৰণৰ পিছত তোমালোকে কোনো (কম-বেছি কৰাৰ) বিষয়ত পৰস্পৰ সহমত হ’লে তাত তোমালোকৰ কোনো দোষ নাই। নিশ্চয় আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।
وَمَن لَّمۡ يَسۡتَطِعۡ مِنكُمۡ طَوۡلًا أَن يَنكِحَ ٱلۡمُحۡصَنَٰتِ ٱلۡمُؤۡمِنَٰتِ فَمِن مَّا مَلَكَتۡ أَيۡمَٰنُكُم مِّن فَتَيَٰتِكُمُ ٱلۡمُؤۡمِنَٰتِۚ وَٱللَّهُ أَعۡلَمُ بِإِيمَٰنِكُمۚ بَعۡضُكُم مِّنۢ بَعۡضٖۚ فَٱنكِحُوهُنَّ بِإِذۡنِ أَهۡلِهِنَّ وَءَاتُوهُنَّ أُجُورَهُنَّ بِٱلۡمَعۡرُوفِ مُحۡصَنَٰتٍ غَيۡرَ مُسَٰفِحَٰتٖ وَلَا مُتَّخِذَٰتِ أَخۡدَانٖۚ فَإِذَآ أُحۡصِنَّ فَإِنۡ أَتَيۡنَ بِفَٰحِشَةٖ فَعَلَيۡهِنَّ نِصۡفُ مَا عَلَى ٱلۡمُحۡصَنَٰتِ مِنَ ٱلۡعَذَابِۚ ذَٰلِكَ لِمَنۡ خَشِيَ ٱلۡعَنَتَ مِنكُمۡۚ وَأَن تَصۡبِرُواْ خَيۡرٞ لَّكُمۡۗ وَٱللَّهُ غَفُورٞ رَّحِيمٞ
আৰু তোমালোকৰ মাজৰ যাৰ স্বাধীন ঈমান্দাৰ নাৰী বিবাহ কৰাৰ সামৰ্থ নাই, সি যেন তোমালোকৰ অধিকাৰভুক্ত ঈমান্দাৰ দাসীক বিবাহ কৰে; আল্লাহে তোমালোকৰ ঈমান সম্পৰ্কে পৰিজ্ঞাত। তোমালোক ইজনে সিজনৰ সমান; এতেকে তোমালোকে সিহঁতক সিহঁতৰ মালিকৰ অনুমতিক্ৰমে বিবাহ কৰিবা আৰু সিহঁতক সিহঁতৰ মোহৰ ন্যায়সংগত হিচাপে প্ৰদান কৰিবা। সিহঁত হ’ব সজচৰিত্ৰা, ব্যভিচাৰিণী নহয় আৰু উপপতি (গোপন যৌনসঙ্গী) গ্ৰহণকাৰীণীও নহয়। এতেকে বিবাহিতা হোৱাৰ পিছত যদি সিহঁতে ব্যভিচাৰ কৰে তেন্তে সিহঁতৰ শাস্তি হ’ব স্বাধীন নাৰীৰ শাস্তিৰ অৰ্দ্ধেক; এই (দাসী বিবাহৰ) বিধান তোমালোকৰ মাজৰ সেইসকল লোকৰ বাবে যিসকলে ব্যভিচাৰক ভয়; আনহাতে যদি তোমালোকে ধৈৰ্য্য ধাৰণ কৰা তেন্তে তোমালোকৰ বাবে মঙ্গল আছে। আল্লাহ ক্ষমাপৰায়ণ, পৰম দয়ালু।
يُرِيدُ ٱللَّهُ لِيُبَيِّنَ لَكُمۡ وَيَهۡدِيَكُمۡ سُنَنَ ٱلَّذِينَ مِن قَبۡلِكُمۡ وَيَتُوبَ عَلَيۡكُمۡۗ وَٱللَّهُ عَلِيمٌ حَكِيمٞ
আল্লাহে তোমালোকৰ ওচৰত (তেওঁৰ বিধান) বিশদভাৱে বৰ্ণনা কৰিব বিচাৰে, আৰু তোমালোকৰ পূৰ্বৱৰ্তীসকলৰ ৰীতিনীতি তোমালোকক অৱহিত কৰিব বিচাৰে লগতে তোমালোকক ক্ষমা কৰিব বিচাৰে। আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।
وَٱللَّهُ يُرِيدُ أَن يَتُوبَ عَلَيۡكُمۡ وَيُرِيدُ ٱلَّذِينَ يَتَّبِعُونَ ٱلشَّهَوَٰتِ أَن تَمِيلُواْ مَيۡلًا عَظِيمٗا
আৰু আল্লাহে তোমালোকৰ তাওবা কবুল কৰিব বিচাৰে; আৰু যিসকলে কুপ্ৰবৃত্তিৰ অনুসৰণ কৰে সিহঁতে বিচাৰে যে, তোমালোকে প্ৰবলভাৱে (সত্য পথৰ পৰা) বিচ্যুত হোৱা।
يُرِيدُ ٱللَّهُ أَن يُخَفِّفَ عَنكُمۡۚ وَخُلِقَ ٱلۡإِنسَٰنُ ضَعِيفٗا
আল্লাহে তোমালোকৰ পৰা (বোজা) লঘু কৰিব বিচাৰে, কাৰণ মানুহক সৃষ্টি কৰা হৈছে অতি দুৰ্বল হিচাপে।
يَـٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُواْ لَا تَأۡكُلُوٓاْ أَمۡوَٰلَكُم بَيۡنَكُم بِٱلۡبَٰطِلِ إِلَّآ أَن تَكُونَ تِجَٰرَةً عَن تَرَاضٖ مِّنكُمۡۚ وَلَا تَقۡتُلُوٓاْ أَنفُسَكُمۡۚ إِنَّ ٱللَّهَ كَانَ بِكُمۡ رَحِيمٗا
হে মুমিনসকল! তোমালোকে ইজনে সিজনৰ সম্পত্তি অন্যায়ভাৱে গ্ৰাস নকৰিবা; কিন্তু পাৰস্পৰিক সন্মতিক্ৰমে ব্যৱসায়-বাণিজ্যৰ মাধ্যমত হ’লে সেয়া ভিন্ন কথা; আৰু নিজেই নিজক হত্যা নকৰিবা; নিশ্চয় আল্লাহ তোমালোকৰ প্ৰতি পৰম দয়ালু।
وَمَن يَفۡعَلۡ ذَٰلِكَ عُدۡوَٰنٗا وَظُلۡمٗا فَسَوۡفَ نُصۡلِيهِ نَارٗاۚ وَكَانَ ذَٰلِكَ عَلَى ٱللَّهِ يَسِيرًا
আৰু যিয়ে সীমালংঘন কৰি অন্যায়ভাৱে এনেকুৱা কৰিব, অনতিপলমে আমি তাক জুইত নিক্ষেপ কৰিম, আৰু এই কাম আল্লাহৰ বাবে অতি সহজ।