Details for the specified language are not available. Surah Englsh Translation, Transliteration Tafsir [31-40] - Quran4Ever

Read More
Read Less
 

بِسۡمِ ٱللَّهِ ٱلرَّحۡمَٰنِ ٱلرَّحِيمِ

 

إِن تَجۡتَنِبُواْ كَبَآئِرَ مَا تُنۡهَوۡنَ عَنۡهُ نُكَفِّرۡ عَنكُمۡ سَيِّـَٔاتِكُمۡ وَنُدۡخِلۡكُم مُّدۡخَلٗا كَرِيمٗا

তোমালোকক যি নিষেধ কৰা হৈছে তাৰ মাজৰ পৰা যিবোৰ কবীৰা গুণাহ সেইবোৰৰ পৰা তোমালোকে যদি বিৰত থাকা তেন্তে আমি তোমালোকৰ সৰু-সুৰা পাপসমূহ ক্ষমা কৰি দিম আৰু তোমালোকক সন্মানজনক স্থানত প্ৰৱেশ কৰাম।

وَلَا تَتَمَنَّوۡاْ مَا فَضَّلَ ٱللَّهُ بِهِۦ بَعۡضَكُمۡ عَلَىٰ بَعۡضٖۚ لِّلرِّجَالِ نَصِيبٞ مِّمَّا ٱكۡتَسَبُواْۖ وَلِلنِّسَآءِ نَصِيبٞ مِّمَّا ٱكۡتَسَبۡنَۚ وَسۡـَٔلُواْ ٱللَّهَ مِن فَضۡلِهِۦٓۚ إِنَّ ٱللَّهَ كَانَ بِكُلِّ شَيۡءٍ عَلِيمٗا

আৰু তোমালোকে আকাংক্ষা নকৰিবা সেইবোৰ বস্তুৰ, যাৰ দ্বাৰা আল্লাহে তোমালোকৰ মাজৰ এজনক আনজনৰ ওপৰত শ্ৰেষ্ঠত্ব প্ৰদান কৰিছে। পুৰুষসকলে যি অৰ্জন কৰে সেয়া সিহঁতৰ প্ৰাপ্য অংশ আৰু নাৰীসকলে যি অৰ্জন কৰে সেয়া তাইহঁতৰ প্ৰাপ্য অংশ; (গতিকে তোমালোকে) আল্লাহৰ ওচৰত তেওঁৰ অনুগ্ৰহ প্ৰাৰ্থনা কৰা, নিশ্চয় আল্লাহ সকলো বস্তু সম্পৰ্কে সৰ্বজ্ঞ।

وَلِكُلّٖ جَعَلۡنَا مَوَٰلِيَ مِمَّا تَرَكَ ٱلۡوَٰلِدَانِ وَٱلۡأَقۡرَبُونَۚ وَٱلَّذِينَ عَقَدَتۡ أَيۡمَٰنُكُمۡ فَـَٔاتُوهُمۡ نَصِيبَهُمۡۚ إِنَّ ٱللَّهَ كَانَ عَلَىٰ كُلِّ شَيۡءٖ شَهِيدًا

পিতৃ-মাতৃ আৰু আত্মীয়-স্বজনৰ পৰিত্যক্ত সম্পত্তিত (নাৰী-পুৰুষ) প্ৰত্যেককে আমি উত্তৰাধিকাৰী কৰিছোঁ আৰু যিসকলৰ লগত তোমালোকে অঙ্গীকাৰাৱদ্ধ সিহঁতৰ (প্ৰাপ্য) অংশ সিহঁতক দি দিয়া। নিশ্চয় আল্লাহ সকলো বিষয়ৰ প্ৰত্যক্ষদৰ্শী।

ٱلرِّجَالُ قَوَّـٰمُونَ عَلَى ٱلنِّسَآءِ بِمَا فَضَّلَ ٱللَّهُ بَعۡضَهُمۡ عَلَىٰ بَعۡضٖ وَبِمَآ أَنفَقُواْ مِنۡ أَمۡوَٰلِهِمۡۚ فَٱلصَّـٰلِحَٰتُ قَٰنِتَٰتٌ حَٰفِظَٰتٞ لِّلۡغَيۡبِ بِمَا حَفِظَ ٱللَّهُۚ وَٱلَّـٰتِي تَخَافُونَ نُشُوزَهُنَّ فَعِظُوهُنَّ وَٱهۡجُرُوهُنَّ فِي ٱلۡمَضَاجِعِ وَٱضۡرِبُوهُنَّۖ فَإِنۡ أَطَعۡنَكُمۡ فَلَا تَبۡغُواْ عَلَيۡهِنَّ سَبِيلًاۗ إِنَّ ٱللَّهَ كَانَ عَلِيّٗا كَبِيرٗا

পুৰুষসকল হৈছে নাৰীসকলৰ তত্ত্বাৱধায়ক, কাৰণ আল্লাহে সিহঁতৰ এজনক আনজনৰ ওপৰত শ্ৰেষ্ঠত্ব প্ৰদান কৰিছে আৰু এইবাবেও যে, পুৰুষসকলে (তাইহঁতৰ ওপৰত) নিজৰ ধন-সম্পদ ব্যয় কৰে। সেয়ে পূণ্যৱতী স্ত্ৰীসকল অনুগত হৈ থাকে আৰু লোকচকুৰ অন্তৰালতো (স্বামীৰ সম্পদ আৰু নিজৰ মান-সন্মান) সংৰক্ষণ কৰে যিবোৰ আল্লাহে সংৰক্ষণ কৰিছে; আৰু তোমালোকে স্ত্ৰীসকলৰ মাজৰ যিসকলকলৈ অবাধ্যতাৰ আশংকা কৰা সিহঁতক সদুপদেশ দিয়া, আৰু সিহঁতৰ শয্যা বৰ্জন কৰা লগতে সিহঁতক (শাসনমূলক) প্ৰহাৰ কৰা। যদি সিহঁতে তোমালোকৰ অনুগত হয় তেন্তে সিহঁতৰ বিৰুদ্ধে কোনো পথ অন্বেষণ নকৰিবা। নিশ্চয় আল্লাহ শ্ৰেষ্ঠ, মহান।

وَإِنۡ خِفۡتُمۡ شِقَاقَ بَيۡنِهِمَا فَٱبۡعَثُواْ حَكَمٗا مِّنۡ أَهۡلِهِۦ وَحَكَمٗا مِّنۡ أَهۡلِهَآ إِن يُرِيدَآ إِصۡلَٰحٗا يُوَفِّقِ ٱللَّهُ بَيۡنَهُمَآۗ إِنَّ ٱللَّهَ كَانَ عَلِيمًا خَبِيرٗا

আৰু যদি তোমালোকে সিহঁত উভয়ৰ মাজত বিৰোধ আশংকা কৰা তেন্তে তোমালোকে স্বামীৰ পৰিয়ালৰ পৰা এজন আৰু স্ত্ৰীৰ পৰিয়ালৰ পৰা এজন বিচাৰক নিযুক্ত কৰা; সিহঁত উভয়ে যদি নিষ্পত্তি বিচাৰে তেন্তে আল্লাহে সিহঁতৰ মাজত মীমাংসাৰ অনুকূল অৱস্থা সৃষ্টি কৰি দিব। নিশ্চয় আল্লাহ সৰ্বজ্ঞ, সবিশেষ অৱহিত।

۞وَٱعۡبُدُواْ ٱللَّهَ وَلَا تُشۡرِكُواْ بِهِۦ شَيۡـٔٗاۖ وَبِٱلۡوَٰلِدَيۡنِ إِحۡسَٰنٗا وَبِذِي ٱلۡقُرۡبَىٰ وَٱلۡيَتَٰمَىٰ وَٱلۡمَسَٰكِينِ وَٱلۡجَارِ ذِي ٱلۡقُرۡبَىٰ وَٱلۡجَارِ ٱلۡجُنُبِ وَٱلصَّاحِبِ بِٱلۡجَنۢبِ وَٱبۡنِ ٱلسَّبِيلِ وَمَا مَلَكَتۡ أَيۡمَٰنُكُمۡۗ إِنَّ ٱللَّهَ لَا يُحِبُّ مَن كَانَ مُخۡتَالٗا فَخُورًا

তোমালোকে আল্লাহৰ ইবাদত কৰা, আৰু তেওঁৰ লগত আন কাকো অংশীদাৰ স্থাপন নকৰিবা; লগতে পিতৃ-মাতৃ আৰু আত্মীয়-স্বজন, এতীম, অভাৱগ্ৰস্ত, নিকট প্ৰতিৱেশী, দূৰ-প্ৰতিৱেশী, সঙ্গী-সাৰথি, মুছাফিৰ আৰু তোমালোকৰ অধিকাৰভুক্ত দাস-দাসীসকলৰ প্ৰতি সদ্ব্যৱহাৰ কৰা। নিশ্চয় আল্লাহে দাম্ভিক, অহংকাৰীক পছন্দ নকৰে।

ٱلَّذِينَ يَبۡخَلُونَ وَيَأۡمُرُونَ ٱلنَّاسَ بِٱلۡبُخۡلِ وَيَكۡتُمُونَ مَآ ءَاتَىٰهُمُ ٱللَّهُ مِن فَضۡلِهِۦۗ وَأَعۡتَدۡنَا لِلۡكَٰفِرِينَ عَذَابٗا مُّهِينٗا

যিসকলে নিজে কৃপণতা কৰে আৰু মানুহকো কৃপণতাৰ নিৰ্দেশ দিয়ে আৰু আল্লাহে নিজ অনুগ্ৰহত সিহঁতক যি প্ৰদান কৰিছে সেয়া গোপন কৰে (আল্লাহে সিহঁতক ভাল নাপায়); আৰু আমি কাফিৰসকলৰ বাবে লাঞ্ছনাদায়ক শাস্তি প্ৰস্তুত কৰি ৰাখিছোঁ।

وَٱلَّذِينَ يُنفِقُونَ أَمۡوَٰلَهُمۡ رِئَآءَ ٱلنَّاسِ وَلَا يُؤۡمِنُونَ بِٱللَّهِ وَلَا بِٱلۡيَوۡمِ ٱلۡأٓخِرِۗ وَمَن يَكُنِ ٱلشَّيۡطَٰنُ لَهُۥ قَرِينٗا فَسَآءَ قَرِينٗا

আৰু যিসকলে মানুহক দেখুৱাবলৈ নিজৰ ধন-সম্পদ ব্যয় কৰে লগতে আল্লাহ আৰু শেষ দিৱসৰ প্ৰতি ঈমান পোষণ নকৰে (আল্লাহে সিহঁতকো ভাল নাপায়) আৰু চয়তান যাৰ সংগী হয় এতেকে সি কিমান যে নিকৃষ্ট সংগী!

وَمَاذَا عَلَيۡهِمۡ لَوۡ ءَامَنُواْ بِٱللَّهِ وَٱلۡيَوۡمِ ٱلۡأٓخِرِ وَأَنفَقُواْ مِمَّا رَزَقَهُمُ ٱللَّهُۚ وَكَانَ ٱللَّهُ بِهِمۡ عَلِيمًا

সিহঁতে আল্লাহ আৰু শেষ দিৱসৰ প্ৰতি ঈমান আনিলে আৰু আল্লাহে সিহঁতক যি প্ৰদান কৰিছে তাৰ পৰা ব্যয় কৰিলে সিহঁতৰ কি ক্ষতি হ’লহেঁতেন? আৰু আল্লাহে সিহঁতৰ বিষয়ে সম্যক অৱগত।

إِنَّ ٱللَّهَ لَا يَظۡلِمُ مِثۡقَالَ ذَرَّةٖۖ وَإِن تَكُ حَسَنَةٗ يُضَٰعِفۡهَا وَيُؤۡتِ مِن لَّدُنۡهُ أَجۡرًا عَظِيمٗا

নিশ্চয় আল্লাহে অণু পৰিমাণও অন্যায় নকৰে আৰু যদি সেয়া কোনো ধৰণৰ পূণ্য হয়, তেন্তে তেওঁ সেইটোক বহুগুণ বৃদ্ধি কৰি দিয়ে আৰু নিজৰ ফালৰ পৰা মহাপ্ৰতিদান প্ৰদান কৰে।

Surah assamese Translation and Transliteration

In Surah you can read the translation of Ahmad Raza Khan who was a renowned scholar of the Islamic world and his translation book is known as Kanzul Imaan. You can read the transliteration of Surah which will help you to understand how to read the Arabic text. Apart from that, we have included a Word-By-Word assamese Translation of the Arabic text of Surah .

Surah assamese Tafsir/Tafseer (Commentry)

In Surah we have included two Tafseer (Commentary) in assamese. The first one is from Mufti Ahmad Yaar Khan who was a well-known scholar. In this tafsir, we have also included the most popular Tafsir Ibn-Kathir which is the most comprehensive tafsir available in the world. You can read both or any one of your choice.

Sign up for Newsletter