Details for the specified language are not available. Surah Englsh Translation, Transliteration Tafsir [81-90] - Quran4Ever

Read More
Read Less
 

بِسۡمِ ٱللَّهِ ٱلرَّحۡمَٰنِ ٱلرَّحِيمِ

 

وَيَقُولُونَ طَاعَةٞ فَإِذَا بَرَزُواْ مِنۡ عِندِكَ بَيَّتَ طَآئِفَةٞ مِّنۡهُمۡ غَيۡرَ ٱلَّذِي تَقُولُۖ وَٱللَّهُ يَكۡتُبُ مَا يُبَيِّتُونَۖ فَأَعۡرِضۡ عَنۡهُمۡ وَتَوَكَّلۡ عَلَى ٱللَّهِۚ وَكَفَىٰ بِٱللَّهِ وَكِيلًا

আৰু সিহঁতে কয়, ‘(আমি) আনুগত্য কৰোঁ’; তাৰ পিছত যেতিয়া তোমাৰ ওচৰৰ পৰা সিহঁত গুচি যায়, তেতিয়া সিহঁতৰ এটা দলে যি কয় ৰাতিত তাৰ বিপৰীত পৰামৰ্শ কৰে। ৰাতিত সিহঁতে যি পৰামৰ্শ কৰে আল্লাহে সেয়া লিপিবদ্ধ কৰি ৰাখে। সেয়ে তুমি সিহঁতক উপেক্ষা কৰা আৰু আল্লাহৰ প্ৰতি ভৰসা কৰা; আৰু কৰ্মবিধায়ক হিচাপে আল্লাহেই যথেষ্ট।

أَفَلَا يَتَدَبَّرُونَ ٱلۡقُرۡءَانَۚ وَلَوۡ كَانَ مِنۡ عِندِ غَيۡرِ ٱللَّهِ لَوَجَدُواْ فِيهِ ٱخۡتِلَٰفٗا كَثِيرٗا

সিহঁতে কোৰআনকলৈ গভীৰভাৱে চিন্তা-চৰ্চা নকৰে নেকি? যদি এয়া আল্লাহৰ বাহিৰে আন কাৰোবাৰ পৰা অহা হ’লহেঁতেন, তেন্তে নিশ্চয় সিহঁতে ইয়াৰ মাজত বহুতো অসঙ্গতি পালেহেঁতেন।

وَإِذَا جَآءَهُمۡ أَمۡرٞ مِّنَ ٱلۡأَمۡنِ أَوِ ٱلۡخَوۡفِ أَذَاعُواْ بِهِۦۖ وَلَوۡ رَدُّوهُ إِلَى ٱلرَّسُولِ وَإِلَىٰٓ أُوْلِي ٱلۡأَمۡرِ مِنۡهُمۡ لَعَلِمَهُ ٱلَّذِينَ يَسۡتَنۢبِطُونَهُۥ مِنۡهُمۡۗ وَلَوۡلَا فَضۡلُ ٱللَّهِ عَلَيۡكُمۡ وَرَحۡمَتُهُۥ لَٱتَّبَعۡتُمُ ٱلشَّيۡطَٰنَ إِلَّا قَلِيلٗا

আৰু যেতিয়া সিহঁতৰ ওচৰলৈ শান্তি অথবা শংকাৰ কোনো সংবাদ আহে তেতিয়া সিহঁতে সেইটো প্ৰচাৰ কৰি ফুৰে। যদি সিহঁতে সেই সংবাদটো ৰাছুল অথবা সিহঁতৰ মাজত যিসকলে নিৰ্দেশ প্ৰদানৰ অধিকাৰী তেওঁলোকক জনালেহেঁতেন তেন্তে সিহঁতৰ মাজত যিসকলে তথ্য অনুসন্ধান কৰে তেওঁলোকে সেইটোৰ যথাৰ্থতা নিৰ্ণয় কৰিব পাৰিলেহেঁতেন। তোমালোকৰ প্ৰতি যদি আল্লাহৰ অনুগ্ৰহ আৰু ৰহমত নাথাকিলহেঁতেন তেন্তে তোমালোকৰ মাজৰ কিছুমানৰ বাহিৰে আটায়ে চয়তানৰ অনুসৰণ কৰিলেহেঁতেন।

فَقَٰتِلۡ فِي سَبِيلِ ٱللَّهِ لَا تُكَلَّفُ إِلَّا نَفۡسَكَۚ وَحَرِّضِ ٱلۡمُؤۡمِنِينَۖ عَسَى ٱللَّهُ أَن يَكُفَّ بَأۡسَ ٱلَّذِينَ كَفَرُواْۚ وَٱللَّهُ أَشَدُّ بَأۡسٗا وَأَشَدُّ تَنكِيلٗا

এতেকে তুমি আল্লাহৰ পথত যুদ্ধ কৰা, তুমি তোমাৰ নিজৰ বাহিৰে আনৰ বাবে দায়ী নোহোৱা আৰু মুমিনসকলক (যুদ্ধৰ বাবে) উদ্বুদ্ধ কৰা; সম্ভৱতঃ আল্লাহে কাফিৰসকলৰ শক্তি সংযত কৰিব; আৰু আল্লাহৰ শক্তি সৰ্বপেক্ষা প্ৰবল আৰু শাস্তি দানত অতি কঠোৰ।

مَّن يَشۡفَعۡ شَفَٰعَةً حَسَنَةٗ يَكُن لَّهُۥ نَصِيبٞ مِّنۡهَاۖ وَمَن يَشۡفَعۡ شَفَٰعَةٗ سَيِّئَةٗ يَكُن لَّهُۥ كِفۡلٞ مِّنۡهَاۗ وَكَانَ ٱللَّهُ عَلَىٰ كُلِّ شَيۡءٖ مُّقِيتٗا

যিয়ে ভাল কামৰ বাবে চুপাৰিছ কৰিব তাৰ বাবে তাত এটা অংশ থাকিব আৰু যিয়ে বেয়া কামৰ বাবে চুপাৰিছ কৰিব তাৰ বাবেও তাত এটা অংশ থাকিব। (জানি থোৱা) আল্লাহ প্ৰতিটো বস্তুৰ ওপৰত ক্ষমতাৱান।

وَإِذَا حُيِّيتُم بِتَحِيَّةٖ فَحَيُّواْ بِأَحۡسَنَ مِنۡهَآ أَوۡ رُدُّوهَآۗ إِنَّ ٱللَّهَ كَانَ عَلَىٰ كُلِّ شَيۡءٍ حَسِيبًا

আৰু যেতিয়া তোমালোকক ছালাম দিয়া হয় তেতিয়া তোমালোকে তাতোকৈ উত্তম ছালাম দিবা নাইবা অনুৰূপ প্ৰত্যুত্তৰ দিবা। নিশ্চয় আল্লাহ সকলো বিষয়ে পূৰ্ণ হিচাপ গ্ৰহণকাৰী।

ٱللَّهُ لَآ إِلَٰهَ إِلَّا هُوَۚ لَيَجۡمَعَنَّكُمۡ إِلَىٰ يَوۡمِ ٱلۡقِيَٰمَةِ لَا رَيۡبَ فِيهِۗ وَمَنۡ أَصۡدَقُ مِنَ ٱللَّهِ حَدِيثٗا

আল্লাহ, তেওঁৰ বাহিৰে আন কোনো (সত্য) ইলাহ নাই; নিশ্চয় তেৱেঁই তোমালোকক ক্বিয়ামতৰ দিনা একত্ৰিত কৰিব, ইয়াত কোনো সন্দেহ নাই; আৰু কথাত আল্লাহতকৈ অধিক সত্যবাদী আৰু কোন হ’ব পাৰে?

۞فَمَا لَكُمۡ فِي ٱلۡمُنَٰفِقِينَ فِئَتَيۡنِ وَٱللَّهُ أَرۡكَسَهُم بِمَا كَسَبُوٓاْۚ أَتُرِيدُونَ أَن تَهۡدُواْ مَنۡ أَضَلَّ ٱللَّهُۖ وَمَن يُضۡلِلِ ٱللَّهُ فَلَن تَجِدَ لَهُۥ سَبِيلٗا

তোমালোকৰ কি হৈছে যে, তোমালোকে মুনাফিকসকলৰ বিষয়ে দুই দলত বিভক্ত হৈ গ’লা? অথচ সিহঁতে যি অৰ্জন কৰিছে তাৰ বাবে আল্লাহে সিহঁতক পূৰ্বাৱস্থালৈ ওভতাই দিছে। আল্লাহে যাক পথভ্ৰষ্ট কৰিছে তোমালোকে তাক সৎপথত পৰিচালিত কৰিব বিচৰা নেকি? আৰু আল্লাহে কাৰোবাক পথভ্ৰষ্ট কৰিলে তুমি তাৰ বাবে কেতিয়াও কোনো পথ বিচাৰি নাপাবা।

وَدُّواْ لَوۡ تَكۡفُرُونَ كَمَا كَفَرُواْ فَتَكُونُونَ سَوَآءٗۖ فَلَا تَتَّخِذُواْ مِنۡهُمۡ أَوۡلِيَآءَ حَتَّىٰ يُهَاجِرُواْ فِي سَبِيلِ ٱللَّهِۚ فَإِن تَوَلَّوۡاْ فَخُذُوهُمۡ وَٱقۡتُلُوهُمۡ حَيۡثُ وَجَدتُّمُوهُمۡۖ وَلَا تَتَّخِذُواْ مِنۡهُمۡ وَلِيّٗا وَلَا نَصِيرًا

সিহঁতে এইটোৱেই কামনা কৰে যে, সিহঁতে যেনেকৈ কুফৰী কৰিছে তোমালোকেও তেনেকৈ কুফৰী কৰা, যাতে তোমালোকে সিহঁতৰ সমান হ’ব পাৰা। সেয়ে আল্লাহৰ পথত হিজৰত নকৰালৈকে সিহঁতৰ কাকো বন্ধুৰূপে গ্ৰহণ নকৰিবা। যদি সিহঁতে মুখ ঘূৰাই লয়, তেন্তে সিহঁতক য’তেই পাবা গ্ৰেফতাৰ কৰিবা আৰু হত্যা কৰিবা আৰু সিহঁতৰ মাজৰ কাকো বন্ধু আৰু সহায়কৰূপে গ্ৰহণ নকৰিবা।

إِلَّا ٱلَّذِينَ يَصِلُونَ إِلَىٰ قَوۡمِۭ بَيۡنَكُمۡ وَبَيۡنَهُم مِّيثَٰقٌ أَوۡ جَآءُوكُمۡ حَصِرَتۡ صُدُورُهُمۡ أَن يُقَٰتِلُوكُمۡ أَوۡ يُقَٰتِلُواْ قَوۡمَهُمۡۚ وَلَوۡ شَآءَ ٱللَّهُ لَسَلَّطَهُمۡ عَلَيۡكُمۡ فَلَقَٰتَلُوكُمۡۚ فَإِنِ ٱعۡتَزَلُوكُمۡ فَلَمۡ يُقَٰتِلُوكُمۡ وَأَلۡقَوۡاْ إِلَيۡكُمُ ٱلسَّلَمَ فَمَا جَعَلَ ٱللَّهُ لَكُمۡ عَلَيۡهِمۡ سَبِيلٗا

কিন্তু (সিহঁতক হত্যা নকৰিবা) যিসকলে এনে এটা সম্প্ৰদায়ৰ লগত মিলিত হয় যাৰ মাজত আৰু তোমালোকৰ মাজত সন্ধিচুক্তি আছে অথবা যিসকলে তোমালোকৰ ওচৰত এনেকুৱা অৱস্থাত আগমন কৰে যেতিয়া সিহঁতৰ মন তোমালোকৰ লগত বা সিহঁতৰ সম্প্ৰদায়ৰ লগত যুদ্ধ কৰিবলৈ সংকুচিত হয়। আল্লাহে যদি ইচ্ছা কৰিলেহেঁতেন তেন্তে সিহঁতক তোমালোকৰ ওপৰত ক্ষমতা দিলেহেঁতেন ফলত সিহঁতে তোমালোকৰ লগত যুদ্ধ কৰিলেহেঁতেন। এতেকে সিহঁতে যদি তোমালোকৰ পৰা আঁতৰি যায়, তোমালোকৰ লগত যুদ্ধ নকৰে আৰু তোমালোকৰ ওচৰত শান্তিৰ প্ৰস্তাৱ উপস্থাপন কৰে তেন্তে আল্লাহে তোমালোকৰ বাবে সিহঁতৰ বিৰুদ্ধে কোনো ব্যৱস্থা অৱলম্বনৰ পথ ৰখা নাই।

Surah assamese Translation and Transliteration

In Surah you can read the translation of Ahmad Raza Khan who was a renowned scholar of the Islamic world and his translation book is known as Kanzul Imaan. You can read the transliteration of Surah which will help you to understand how to read the Arabic text. Apart from that, we have included a Word-By-Word assamese Translation of the Arabic text of Surah .

Surah assamese Tafsir/Tafseer (Commentry)

In Surah we have included two Tafseer (Commentary) in assamese. The first one is from Mufti Ahmad Yaar Khan who was a well-known scholar. In this tafsir, we have also included the most popular Tafsir Ibn-Kathir which is the most comprehensive tafsir available in the world. You can read both or any one of your choice.

Sign up for Newsletter