Details for the specified language are not available. Surah At-Talaq English Translation,Transliteration Tafsir [1-10] - Quran4Ever
Quran Quote  :  This is Allah's promise and He does not go back on His promise. - 30:6

Read More
Read Less
 

بِسۡمِ ٱللَّهِ ٱلرَّحۡمَٰنِ ٱلرَّحِيمِ

 

يَـٰٓأَيُّهَا ٱلنَّبِيُّ إِذَا طَلَّقۡتُمُ ٱلنِّسَآءَ فَطَلِّقُوهُنَّ لِعِدَّتِهِنَّ وَأَحۡصُواْ ٱلۡعِدَّةَۖ وَٱتَّقُواْ ٱللَّهَ رَبَّكُمۡۖ لَا تُخۡرِجُوهُنَّ مِنۢ بُيُوتِهِنَّ وَلَا يَخۡرُجۡنَ إِلَّآ أَن يَأۡتِينَ بِفَٰحِشَةٖ مُّبَيِّنَةٖۚ وَتِلۡكَ حُدُودُ ٱللَّهِۚ وَمَن يَتَعَدَّ حُدُودَ ٱللَّهِ فَقَدۡ ظَلَمَ نَفۡسَهُۥۚ لَا تَدۡرِي لَعَلَّ ٱللَّهَ يُحۡدِثُ بَعۡدَ ذَٰلِكَ أَمۡرٗا

হে নবী (কোৱা), তোমালোকে যেতিয়া স্ত্ৰীসকলক তালাক দিবা, তেতিয়া সিহঁতক সিহঁতৰ ইদ্দতৰ প্ৰতি লক্ষ্য ৰাখি তালাক দিবা আৰু তোমালোকে ইদ্দতৰ হিচাপ ৰাখিবা; আৰু তোমালোকৰ প্ৰতিপালক আল্লাহৰ তাক্বৱা অৱলম্বন কৰা। তোমালোকে সিহঁতক সিহঁতৰ ঘৰৰ পৰা বহিষ্কাৰ নকৰিবা আৰু সিহঁত নিজেও যেন ওলাই নাযায়, সিহঁত যদি কোনো স্পষ্ট অশ্লীলতাত লিপ্ত নহয় (তেন্তে বিষয়টো সুকীয়া)। এইবোৰ হৈছে আল্লাহৰ নিৰ্ধাৰিত সীমাৰেখা; আৰু যিয়ে আল্লাহৰ সীমাৰেখা লংঘন কৰে, সি নিজৰ ওপৰতে অন্যায় কৰে। তুমি নাজানা, সম্ভৱতঃ আল্লাহে ইয়াৰ পিছত কোনো উপায় উদ্ভাৱন কৰি দিব।

فَإِذَا بَلَغۡنَ أَجَلَهُنَّ فَأَمۡسِكُوهُنَّ بِمَعۡرُوفٍ أَوۡ فَارِقُوهُنَّ بِمَعۡرُوفٖ وَأَشۡهِدُواْ ذَوَيۡ عَدۡلٖ مِّنكُمۡ وَأَقِيمُواْ ٱلشَّهَٰدَةَ لِلَّهِۚ ذَٰلِكُمۡ يُوعَظُ بِهِۦ مَن كَانَ يُؤۡمِنُ بِٱللَّهِ وَٱلۡيَوۡمِ ٱلۡأٓخِرِۚ وَمَن يَتَّقِ ٱللَّهَ يَجۡعَل لَّهُۥ مَخۡرَجٗا

তাৰ পিছত যেতিয়া সিহঁতে সিহঁতৰ ইদ্দতৰ শেষ সীমাত উপনীত হ’ব, তেতিয়া তোমালোকে সিহঁতক যথাবিধি ৰাখি দিবা নহ’লে সিহঁতক যথাবিধি পৰিত্যাগ কৰিবা আৰু তোমালোকৰ মাজৰ পৰা দুজন ন্যায়পৰায়ণ লোকক সাক্ষী ৰাখিবা; আৰু তোমালোকে আল্লাহৰ বাবে সঠিকভাৱে সাক্ষ্য দিবা। ইয়াৰ দ্বাৰা তোমালোকৰ মাজৰ যিয়ে আল্লাহ আৰু শেষ দিৱসৰ প্ৰতি বিশ্বাস কৰে তাক উপদেশ দিয়া হৈছে; আৰু যিয়ে আল্লাহৰ তাক্বৱা অৱলম্বন কৰিব আল্লাহে তাৰ বাবে উত্তৰণৰ পথ উলিয়াই দিব,

وَيَرۡزُقۡهُ مِنۡ حَيۡثُ لَا يَحۡتَسِبُۚ وَمَن يَتَوَكَّلۡ عَلَى ٱللَّهِ فَهُوَ حَسۡبُهُۥٓۚ إِنَّ ٱللَّهَ بَٰلِغُ أَمۡرِهِۦۚ قَدۡ جَعَلَ ٱللَّهُ لِكُلِّ شَيۡءٖ قَدۡرٗا

আৰু তেওঁ তাক তাৰ ধাৰণাতীত উৎসৰ পৰা জীৱিকা দান কৰিব; আৰু যিয়ে আল্লাহৰ প্ৰতি তাৱাক্কুল কৰিব, তাৰ বাবে আল্লাহেই যথেষ্ট। নিশ্চয় আল্লাহে তেওঁৰ উদ্দেশ্য পূৰণ কৰিবই; নিশ্চয় আল্লাহে প্ৰতিটো বস্তুৰ বাবে এটা সময়সীমা নিৰ্ধাৰণ কৰি দিছে।

وَٱلَّـٰٓـِٔي يَئِسۡنَ مِنَ ٱلۡمَحِيضِ مِن نِّسَآئِكُمۡ إِنِ ٱرۡتَبۡتُمۡ فَعِدَّتُهُنَّ ثَلَٰثَةُ أَشۡهُرٖ وَٱلَّـٰٓـِٔي لَمۡ يَحِضۡنَۚ وَأُوْلَٰتُ ٱلۡأَحۡمَالِ أَجَلُهُنَّ أَن يَضَعۡنَ حَمۡلَهُنَّۚ وَمَن يَتَّقِ ٱللَّهَ يَجۡعَل لَّهُۥ مِنۡ أَمۡرِهِۦ يُسۡرٗا

তোমালোকৰ স্ত্ৰীসকলৰ মাজৰ যিসকলে ঋতুমতি হোৱাৰ কাল অতিক্ৰম কৰিছে, সিহঁতৰ ইদ্দত সম্পৰ্কে যদি তোমালোকে সন্দেহ কৰা তেনেহ’লে সিহঁতৰ ইদ্দতকাল হ’ব তিনি মাহ; আৰু যিসকলে এতিয়াও ঋতুৰ বয়সত উপনীত হোৱা নাই সিহঁতৰো (তিনি মাহ); আৰু গৰ্ভৱতী নাৰীসকলৰ ইদ্দতকাল হৈছে সন্তান প্ৰসৱ নোহোৱালৈকে; আৰু যিয়ে আল্লাহৰ তাক্বৱা অৱলম্বন কৰে আল্লাহে তাৰ বাবে তাৰ কৰ্মক সহজ কৰি দিয়ে।

ذَٰلِكَ أَمۡرُ ٱللَّهِ أَنزَلَهُۥٓ إِلَيۡكُمۡۚ وَمَن يَتَّقِ ٱللَّهَ يُكَفِّرۡ عَنۡهُ سَيِّـَٔاتِهِۦ وَيُعۡظِمۡ لَهُۥٓ أَجۡرًا

এইটো হৈছে আল্লাহৰ বিধান, যিটো তেওঁ তোমালোকৰ প্ৰতি অৱতীৰ্ণ কৰিছে; আৰু যিয়ে আল্লাহৰ তাক্বৱা অৱলম্বন কৰিব তেওঁ তাৰ পাপসমূহ মোচন কৰি দিব আৰু তাক প্ৰদান কৰিব মহাপুৰস্কাৰ।

أَسۡكِنُوهُنَّ مِنۡ حَيۡثُ سَكَنتُم مِّن وُجۡدِكُمۡ وَلَا تُضَآرُّوهُنَّ لِتُضَيِّقُواْ عَلَيۡهِنَّۚ وَإِن كُنَّ أُوْلَٰتِ حَمۡلٖ فَأَنفِقُواْ عَلَيۡهِنَّ حَتَّىٰ يَضَعۡنَ حَمۡلَهُنَّۚ فَإِنۡ أَرۡضَعۡنَ لَكُمۡ فَـَٔاتُوهُنَّ أُجُورَهُنَّ وَأۡتَمِرُواْ بَيۡنَكُم بِمَعۡرُوفٖۖ وَإِن تَعَاسَرۡتُمۡ فَسَتُرۡضِعُ لَهُۥٓ أُخۡرَىٰ

তোমালোকৰ সামৰ্থ অনুযায়ী য’ত তোমালোকে বসবাস কৰা তাতেই সিহঁতকো বাস কৰিবলৈ দিয়া, সিহঁতক সংকটত পেলাবলৈ কষ্ট নিদিবা; আৰু সিহঁত গৰ্ভৱতী থাকিলে সন্তান প্ৰসৱ নকৰালৈকে সিহঁতৰ বাবে ব্যয় কৰা। তাৰ পিছত যদি সিহঁতে তোমালোকৰ সন্তানক পিয়াহ খুওৱায় তেনেহ’লে সিহঁতক পাৰিশ্ৰমিক প্ৰদান কৰিবা আৰু (সন্তানৰ কল্যাণ সম্পৰ্কে) তোমালোকে নিজৰ মাজতেই সংগতভাৱে পৰামৰ্শ কৰা; আৰু যদি তোমালোকে পৰস্পৰে ঐক্যমত হ’বলৈ টান পোৱা তেনেহ’লে পিতাৰ ফালৰ পৰা আন তিৰোতাই পিয়াহ খুৱাব।

لِيُنفِقۡ ذُو سَعَةٖ مِّن سَعَتِهِۦۖ وَمَن قُدِرَ عَلَيۡهِ رِزۡقُهُۥ فَلۡيُنفِقۡ مِمَّآ ءَاتَىٰهُ ٱللَّهُۚ لَا يُكَلِّفُ ٱللَّهُ نَفۡسًا إِلَّا مَآ ءَاتَىٰهَاۚ سَيَجۡعَلُ ٱللَّهُ بَعۡدَ عُسۡرٖ يُسۡرٗا

বিত্তবানে নিজ সামৰ্থ অনুযায়ী ব্যয় কৰিব আৰু যাৰ জীৱনোপকৰণ সীমিত তাক আল্লাহে যি দান কৰিছে তাৰ পৰা ব্যয় কৰিব। আল্লাহে যাক যি সামৰ্থ দিছে তাতকৈ বেছি গুৰুতৰ বোজা তেওঁ তাৰ ওপৰত জাপি নিদিয়ে। নিশ্চয় আল্লাহে কঠিন অৱস্থাৰ পিছত সচ্ছলতা প্ৰদান কৰিব।

وَكَأَيِّن مِّن قَرۡيَةٍ عَتَتۡ عَنۡ أَمۡرِ رَبِّهَا وَرُسُلِهِۦ فَحَاسَبۡنَٰهَا حِسَابٗا شَدِيدٗا وَعَذَّبۡنَٰهَا عَذَابٗا نُّكۡرٗا

আৰু বহুতো জনপদে সিহঁতৰ প্ৰতিপালক আৰু তেওঁৰ ৰাছুলৰ নিৰ্দেশৰ বিৰুদ্ধাচাৰণ কৰিছিল। ফলত আমি সিহঁতৰ পৰা কঠিন হিচাপ গ্ৰহণ কৰিছিলোঁ আৰু আমি সিহঁতক বিহিছিলোঁ কঠিন শাস্তি।

فَذَاقَتۡ وَبَالَ أَمۡرِهَا وَكَانَ عَٰقِبَةُ أَمۡرِهَا خُسۡرًا

ফলত সিহঁতে নিজৰ কৃতকৰ্মৰ সোৱাদ পাইছিল; আৰু সিহঁতৰ কৰ্মৰ পৰিণাম আছিল ক্ষতিয়েই ক্ষতি।

أَعَدَّ ٱللَّهُ لَهُمۡ عَذَابٗا شَدِيدٗاۖ فَٱتَّقُواْ ٱللَّهَ يَـٰٓأُوْلِي ٱلۡأَلۡبَٰبِ ٱلَّذِينَ ءَامَنُواْۚ قَدۡ أَنزَلَ ٱللَّهُ إِلَيۡكُمۡ ذِكۡرٗا

আল্লাহে সিহঁতৰ বাবে কঠিন শাস্তি প্ৰস্তুত কৰি ৰাখিছে। এতেকে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা, হে বোধশক্তিসম্পন্ন ব্যক্তিসকল! যিসকলে ঈমান আনিছা। নিশ্চয় আল্লাহে তোমালোকৰ প্ৰতি অৱতীৰ্ণ কৰিছে উপদেশ---

Surah assamese Translation and Transliteration

In Surah you can read the translation of Ahmad Raza Khan who was a renowned scholar of the Islamic world and his translation book is known as Kanzul Imaan. You can read the transliteration of Surah which will help you to understand how to read the Arabic text. Apart from that, we have included a Word-By-Word assamese Translation of the Arabic text of Surah .

Surah assamese Tafsir/Tafseer (Commentry)

In Surah we have included two Tafseer (Commentary) in assamese. The first one is from Mufti Ahmad Yaar Khan who was a well-known scholar. In this tafsir, we have also included the most popular Tafsir Ibn-Kathir which is the most comprehensive tafsir available in the world. You can read both or any one of your choice.

Sign up for Newsletter