Details for the specified language are not available. Surah Englsh Translation, Transliteration Tafsir [41-50] - Quran4Ever
Quran Quote  :  Allah will cause me to die and then will again restore me to life; - 26:81

Read More
Read Less
 

بِسۡمِ ٱللَّهِ ٱلرَّحۡمَٰنِ ٱلرَّحِيمِ

 

ٱنفِرُواْ خِفَافٗا وَثِقَالٗا وَجَٰهِدُواْ بِأَمۡوَٰلِكُمۡ وَأَنفُسِكُمۡ فِي سَبِيلِ ٱللَّهِۚ ذَٰلِكُمۡ خَيۡرٞ لَّكُمۡ إِن كُنتُمۡ تَعۡلَمُونَ,

অভিযানলৈ ওলাই পৰা, পাতল অৱস্থাতেই হওক নাইবা গধূৰ অৱস্থাত আৰু জিহাদ কৰা আল্লাহৰ পথত তোমালোকৰ সম্পদ আৰু জীৱনৰ দ্বাৰা। এইটোৱে তোমালোকৰ বাবে উত্তম, যদি তোমালোকে জানিলাহেঁতেন!

لَوۡ كَانَ عَرَضٗا قَرِيبٗا وَسَفَرٗا قَاصِدٗا لَّٱتَّبَعُوكَ وَلَٰكِنۢ بَعُدَتۡ عَلَيۡهِمُ ٱلشُّقَّةُۚ وَسَيَحۡلِفُونَ بِٱللَّهِ لَوِ ٱسۡتَطَعۡنَا لَخَرَجۡنَا مَعَكُمۡ يُهۡلِكُونَ أَنفُسَهُمۡ وَٱللَّهُ يَعۡلَمُ إِنَّهُمۡ لَكَٰذِبُونَ,

যদি সহজতে সম্পদ লাভৰ আশা থাকিলহেঁতেন আৰু ভ্ৰমণ সুগম হ’লহেঁতেন তেন্তে নিশ্চয় সিহঁতে তোমাৰ অনুসৰণ কৰিলেহেঁতেন; কিন্তু সিহঁতে যাত্ৰাপথক সুদীৰ্ঘ বুলি ভাবিছিল, আৰু অনতিপলমে সিহঁতে আল্লাহৰ শপত লৈ ক’ব, ‘আমাৰ সাধ্য থাকিলে আমি নিশ্চয় তোমালোকৰ লগত ওলাই গ’লোঁহেঁতেন’। সিহঁতে (মিছা কথা কৈ) নিজেই নিজকে ধ্বংস কৰে, আৰু আল্লাহে জানে যে, নিশ্চয় সিহঁত মিছলীয়া।

عَفَا ٱللَّهُ عَنكَ لِمَ أَذِنتَ لَهُمۡ حَتَّىٰ يَتَبَيَّنَ لَكَ ٱلَّذِينَ صَدَقُواْ وَتَعۡلَمَ ٱلۡكَٰذِبِينَ,

আল্লাহে তোমাক ক্ষমা কৰিছে। কোনসকল লোক সত্যবাদী সেয়া তোমাৰ ওচৰত স্পষ্ট নোহোৱালৈকে আৰু কোনসকল লোক মিছলীয়া সেই কথা তুমি নজনালৈকে কিয় সিহঁতক অব্যাহতি প্ৰদান কৰিলা?

لَا يَسۡتَـٔۡذِنُكَ ٱلَّذِينَ يُؤۡمِنُونَ بِٱللَّهِ وَٱلۡيَوۡمِ ٱلۡأٓخِرِ أَن يُجَٰهِدُواْ بِأَمۡوَٰلِهِمۡ وَأَنفُسِهِمۡۗ وَٱللَّهُ عَلِيمُۢ بِٱلۡمُتَّقِينَ,

যিসকলে আল্লাহ আৰু শেষ দিৱসৰ প্ৰতি ঈমান পোষণ কৰে, তেওঁলোকে নিজৰ সম্পদ আৰু জীৱনৰ দ্বাৰা জিহাদ কৰাৰ পৰা অব্যাহতি পাবলৈ তোমাৰ পৰা অনুমতি নিবিচাৰিব; আৰু আল্লাহ মুত্তাক্বীসকলৰ বিষয়ে সবিশেষ অৱগত।

إِنَّمَا يَسۡتَـٔۡذِنُكَ ٱلَّذِينَ لَا يُؤۡمِنُونَ بِٱللَّهِ وَٱلۡيَوۡمِ ٱلۡأٓخِرِ وَٱرۡتَابَتۡ قُلُوبُهُمۡ فَهُمۡ فِي رَيۡبِهِمۡ يَتَرَدَّدُونَ,

তোমাৰ ওচৰত অব্যাহতি বিচাৰে কেৱল সেইসকল লোকে যিসকলে আল্লাহ আৰু শেষ দিৱসৰ প্ৰতি ঈমান পোষণ নকৰে। কাৰণ সিহঁতৰ অন্তৰসমূহ সংশয়গ্ৰস্ত হৈ গৈছে, এতেকে সিহঁতে নিজৰ সংশয়ত দ্বিধাগ্ৰস্ত।

۞وَلَوۡ أَرَادُواْ ٱلۡخُرُوجَ لَأَعَدُّواْ لَهُۥ عُدَّةٗ وَلَٰكِن كَرِهَ ٱللَّهُ ٱنۢبِعَاثَهُمۡ فَثَبَّطَهُمۡ وَقِيلَ ٱقۡعُدُواْ مَعَ ٱلۡقَٰعِدِينَ,

আৰু যদি সিহঁতে ওলাবলৈ ইচ্ছা কৰিলেহেঁতেন তেন্তে নিশ্চয় সিহঁতে তাৰ বাবে প্ৰস্তুতিৰ ব্যৱস্থা কৰিলেহেঁতেন, কিন্তু সিহঁতৰ অভিযাত্ৰাক আল্লাহে অপছন্দ কৰিছে। সেয়ে তেওঁ সিহঁতক অলসতাৰ মাধ্যমত বিৰত ৰাখিছে আৰু সিহঁতক কোৱা হ’ল, ‘বহি থাকা (অক্ষম) লোকসকলৰ সৈতে তোমালোকেও বহি থাকা’।

لَوۡ خَرَجُواْ فِيكُم مَّا زَادُوكُمۡ إِلَّا خَبَالٗا وَلَأَوۡضَعُواْ خِلَٰلَكُمۡ يَبۡغُونَكُمُ ٱلۡفِتۡنَةَ وَفِيكُمۡ سَمَّـٰعُونَ لَهُمۡۗ وَٱللَّهُ عَلِيمُۢ بِٱلظَّـٰلِمِينَ,

যদি সিহঁত তোমালোকৰ সৈতে ওলালহেঁতেন, তেন্তে তোমালোকৰ অশান্তি অসুবিধাহে বৃদ্ধি কৰিলেহেঁতেন আৰু তোমালোকৰ মাজত ফিতনা সৃষ্টি কৰিবলৈ যথাসাধ্য চেষ্টা কৰিলেহেঁতেন। লগতে তোমালোকৰ মাজত সিহঁতৰ কিছুমান অনুগত (গুপ্তচৰ) আছে। আল্লাহ যালিমসকলৰ বিষয়ে সবিশেষ অৱগত।

لَقَدِ ٱبۡتَغَوُاْ ٱلۡفِتۡنَةَ مِن قَبۡلُ وَقَلَّبُواْ لَكَ ٱلۡأُمُورَ حَتَّىٰ جَآءَ ٱلۡحَقُّ وَظَهَرَ أَمۡرُ ٱللَّهِ وَهُمۡ كَٰرِهُونَ,

নিশ্চয় সিহঁতে ইয়াৰ আগতেও ফিতনা সৃষ্টি কৰিব বিচাৰিছিল আৰু সিহঁতে তোমাৰ বহুতো কাম ওলট-পালট কৰিছিল, অৱশেষত সত্য সমাগত হ’ল আৰু আল্লাহৰ আদেশ জয়যুক্ত হ’ল, যদিও সিহঁতে ইয়াক অপছন্দ কৰিছিল।

وَمِنۡهُم مَّن يَقُولُ ٱئۡذَن لِّي وَلَا تَفۡتِنِّيٓۚ أَلَا فِي ٱلۡفِتۡنَةِ سَقَطُواْۗ وَإِنَّ جَهَنَّمَ لَمُحِيطَةُۢ بِٱلۡكَٰفِرِينَ,

আৰু সিহঁতৰ মাজত এনেকুৱা মানুহো আছে যিয়ে কয়, ‘মোক (যুদ্ধত অংশ গ্ৰহণ নকৰিবলৈ) অনুমতি দিয়ক আৰু মোক ফিতনাত পতিত নকৰিব’। সাৱধান! সিহঁত ফিতনাতেই পতিত হৈ আছে; আৰু নিশ্চয় জাহান্নামে কাফিৰসকলক বেষ্টন কৰিয়ে আছে।

إِن تُصِبۡكَ حَسَنَةٞ تَسُؤۡهُمۡۖ وَإِن تُصِبۡكَ مُصِيبَةٞ يَقُولُواْ قَدۡ أَخَذۡنَآ أَمۡرَنَا مِن قَبۡلُ وَيَتَوَلَّواْ وَّهُمۡ فَرِحُونَ,

যদি তোমাৰ কোনো মঙ্গল হয় তেন্তে এইটোৱে সিহঁতক কষ্ট দিয়ে, আৰু তোমাৰ বিপদ ঘটিলে সিহঁতে কয়, ‘আমি আগতেই আমাৰ নিজৰ বিষয়ে সতৰ্কতা অৱলম্বন কৰিছিলোঁ’, আৰু সিহঁতে উৎফুল্ল চিত্তে মুখ ঘূৰাই লয়।

Surah assamese Translation and Transliteration

In Surah you can read the translation of Ahmad Raza Khan who was a renowned scholar of the Islamic world and his translation book is known as Kanzul Imaan. You can read the transliteration of Surah which will help you to understand how to read the Arabic text. Apart from that, we have included a Word-By-Word assamese Translation of the Arabic text of Surah .

Surah assamese Tafsir/Tafseer (Commentry)

In Surah we have included two Tafseer (Commentary) in assamese. The first one is from Mufti Ahmad Yaar Khan who was a well-known scholar. In this tafsir, we have also included the most popular Tafsir Ibn-Kathir which is the most comprehensive tafsir available in the world. You can read both or any one of your choice.

Sign up for Newsletter