Details for the specified language are not available. Surah Az-Zumar English Translation,Transliteration Tafsir [1-10] - Quran4Ever

Read More
Read Less
 

بِسۡمِ ٱللَّهِ ٱلرَّحۡمَٰنِ ٱلرَّحِيمِ

 

تَنزِيلُ ٱلۡكِتَٰبِ مِنَ ٱللَّهِ ٱلۡعَزِيزِ ٱلۡحَكِيمِ

এই কিতাব, মহা পৰাক্ৰমশালী প্ৰজ্ঞাময় আল্লাহৰ তৰফৰ পৰা অৱতীৰ্ণ।

إِنَّآ أَنزَلۡنَآ إِلَيۡكَ ٱلۡكِتَٰبَ بِٱلۡحَقِّ فَٱعۡبُدِ ٱللَّهَ مُخۡلِصٗا لَّهُ ٱلدِّينَ

নিশ্চয় আমি তোমাৰ ওচৰলৈ এই কিতাব যথাযথভাৱে অৱতীৰ্ণ কৰিছোঁ। এতেকে তুমি আল্লাহৰ আনুগত্যত একনিষ্ঠ হৈ তেওঁৰেই ইবাদত কৰা।

أَلَا لِلَّهِ ٱلدِّينُ ٱلۡخَالِصُۚ وَٱلَّذِينَ ٱتَّخَذُواْ مِن دُونِهِۦٓ أَوۡلِيَآءَ مَا نَعۡبُدُهُمۡ إِلَّا لِيُقَرِّبُونَآ إِلَى ٱللَّهِ زُلۡفَىٰٓ إِنَّ ٱللَّهَ يَحۡكُمُ بَيۡنَهُمۡ فِي مَا هُمۡ فِيهِ يَخۡتَلِفُونَۗ إِنَّ ٱللَّهَ لَا يَهۡدِي مَنۡ هُوَ كَٰذِبٞ كَفَّارٞ

জানি থোৱা! বিশুদ্ধ আনুগত্য কেৱল আল্লাহৰেই প্ৰাপ্য। যিসকলে আল্লাহৰ পৰিবৰ্তে আনক অভিভাৱকৰূপে গ্ৰহণ কৰে সিহঁতে কয়, ‘আমি কেৱল এইকাৰণেই ইহঁতৰ ইবাদত কৰোঁ যে, ইহঁতে আমাক আল্লাহৰ নৈকট্য লাভ কৰাই দিব’। সিহঁতে যি বিষয়কলৈ নিজৰ মাজতে মতভেদ কৰি আছে, নিশ্চয় আল্লাহে সিহঁতৰ মাজত সেই বিষয়ে মীমাংসা কৰি দিব। (লগতে জানি থোৱা) নিশ্চয় আল্লাহে মিছলীয়া কাফিৰক হিদায়ত দান নকৰে।

لَّوۡ أَرَادَ ٱللَّهُ أَن يَتَّخِذَ وَلَدٗا لَّٱصۡطَفَىٰ مِمَّا يَخۡلُقُ مَا يَشَآءُۚ سُبۡحَٰنَهُۥۖ هُوَ ٱللَّهُ ٱلۡوَٰحِدُ ٱلۡقَهَّارُ

যদি আল্লাহে সন্তান গ্ৰহণ কৰিব বিচাৰিলেহেঁতেন, তেন্তে তেওঁ যি সৃষ্টি কৰিছে তাৰ পৰাই যাক ইচ্ছা মনোনীত কৰি ল'লেহেঁতেন। কিন্তু তেওঁ পৱিত্ৰ আৰু মহান! তেৱেঁই আল্লাহ, একক (অদ্বিতীয়), প্ৰবল প্ৰতাপশালী।

خَلَقَ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضَ بِٱلۡحَقِّۖ يُكَوِّرُ ٱلَّيۡلَ عَلَى ٱلنَّهَارِ وَيُكَوِّرُ ٱلنَّهَارَ عَلَى ٱلَّيۡلِۖ وَسَخَّرَ ٱلشَّمۡسَ وَٱلۡقَمَرَۖ كُلّٞ يَجۡرِي لِأَجَلٖ مُّسَمًّىۗ أَلَا هُوَ ٱلۡعَزِيزُ ٱلۡغَفَّـٰرُ

তেৱেঁই যথাযথভাৱে আকাশসমূহ আৰু পৃথিৱী সৃষ্টি কৰিছে। তেৱেঁই ৰাতিৰ দ্বাৰা দিনক আচ্ছাদিত কৰে আৰু ৰাতিক আচ্ছাদিত কৰে দিনৰ দ্বাৰা। সূৰ্য্য আৰু চন্দ্ৰক তেৱেঁই কৰিছে নিয়মাধীন। প্ৰত্যেকেই এটা নিৰ্ধাৰিত সময়লৈকে গতি কৰে। জানি থোৱা! তেওঁ মহা পৰাক্ৰমশালী, ক্ষমাশীল।

خَلَقَكُم مِّن نَّفۡسٖ وَٰحِدَةٖ ثُمَّ جَعَلَ مِنۡهَا زَوۡجَهَا وَأَنزَلَ لَكُم مِّنَ ٱلۡأَنۡعَٰمِ ثَمَٰنِيَةَ أَزۡوَٰجٖۚ يَخۡلُقُكُمۡ فِي بُطُونِ أُمَّهَٰتِكُمۡ خَلۡقٗا مِّنۢ بَعۡدِ خَلۡقٖ فِي ظُلُمَٰتٖ ثَلَٰثٖۚ ذَٰلِكُمُ ٱللَّهُ رَبُّكُمۡ لَهُ ٱلۡمُلۡكُۖ لَآ إِلَٰهَ إِلَّا هُوَۖ فَأَنَّىٰ تُصۡرَفُونَ

তেৱেঁই তোমালোকক সৃষ্টি কৰিছে এজন ব্যক্তিৰ পৰা। তাৰ পিছত তেওঁ তাৰ পৰাই তাৰ যোৰা সৃষ্টি কৰিছে। তেৱেঁই তোমালোকৰ বাবে আঠ যোৰা ঘৰচীয়া জন্তু অৱতীৰ্ণ কৰিছে। তেৱেঁই তোমালোকক তোমালোকৰ মাতৃগৰ্ভৰ ত্ৰিবিধ অন্ধকাৰত পৰ্যায়ক্ৰমে সৃষ্টি কৰিছে। তেৱেঁই আল্লাহ; তোমালোকৰ প্ৰতিপালক; সাৰ্বভৌম কৰ্তৃত্ব কেৱল তেওঁৰেই; তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। এতেকে তোমালোকক ক’লৈ ঘূৰাই নিয়া হৈছে?

إِن تَكۡفُرُواْ فَإِنَّ ٱللَّهَ غَنِيٌّ عَنكُمۡۖ وَلَا يَرۡضَىٰ لِعِبَادِهِ ٱلۡكُفۡرَۖ وَإِن تَشۡكُرُواْ يَرۡضَهُ لَكُمۡۗ وَلَا تَزِرُ وَازِرَةٞ وِزۡرَ أُخۡرَىٰۚ ثُمَّ إِلَىٰ رَبِّكُم مَّرۡجِعُكُمۡ فَيُنَبِّئُكُم بِمَا كُنتُمۡ تَعۡمَلُونَۚ إِنَّهُۥ عَلِيمُۢ بِذَاتِ ٱلصُّدُورِ

যদি তোমালোকে কুফৰী কৰা তেন্তে (জানি থোৱা) আল্লাহ তোমালোকৰ মুখাপেক্ষী নহয়। তেওঁ বান্দাসকলৰ বাবে কুফৰী পছন্দ নকৰে, আৰু যদি তোমালোকে কৃতজ্ঞ হোৱা তেন্তে তেওঁ তোমালোকৰ বাবে কৃতজ্ঞতাক পছন্দ কৰে। কোনো বোজা বহনকাৰীয়েই আনৰ বোজা বহন নকৰিব। তাৰ পিছত তোমালোকৰ প্ৰতিপালকৰ ওচৰতেই তোমালোকৰ প্ৰত্যাৱৰ্তন হ’ব। তেতিয়া তোমালোকে যি আমল কৰিছিলা সেয়া তেওঁ তোমালোকক অৱহিত কৰিব। নিশ্চয় অন্তৰত যি আছে সেই বিষয়ে তেওঁ সম্যক অৱগত।

۞وَإِذَا مَسَّ ٱلۡإِنسَٰنَ ضُرّٞ دَعَا رَبَّهُۥ مُنِيبًا إِلَيۡهِ ثُمَّ إِذَا خَوَّلَهُۥ نِعۡمَةٗ مِّنۡهُ نَسِيَ مَا كَانَ يَدۡعُوٓاْ إِلَيۡهِ مِن قَبۡلُ وَجَعَلَ لِلَّهِ أَندَادٗا لِّيُضِلَّ عَن سَبِيلِهِۦۚ قُلۡ تَمَتَّعۡ بِكُفۡرِكَ قَلِيلًا إِنَّكَ مِنۡ أَصۡحَٰبِ ٱلنَّارِ

আৰু মানুহক যেতিয়া দুখ-দৈন্যই স্পৰ্শ কৰে তেতিয়া সি একাগ্ৰচিত্তে নিজ প্ৰতিপালককহে আহ্বান কৰে। তাৰ পিছত তেওঁ যেতিয়া তেওঁৰ তৰফৰ পৰা তাৰ প্ৰতি অনুগ্ৰহ কৰে, তেতিয়া সি পাহৰি যায় যে, ইতিপূৰ্বে সি কি কাৰণত তেওঁৰ ওচৰত দুআ কৰিছিল, আৰু তেওঁৰ পথৰ পৰা আনক বিভ্ৰান্ত কৰিবলৈ সি আল্লাহৰ সমকক্ষ স্থিৰ কৰি লয়। কোৱা, ‘কুফৰীৰ অৱস্থাত তুমি কিছুকাল জীৱন উপভোগ কৰি লোৱা। নিশ্চয় তুমি অগ্নিবাসীবিলাকৰ অন্তৰ্ভুক্ত’।

أَمَّنۡ هُوَ قَٰنِتٌ ءَانَآءَ ٱلَّيۡلِ سَاجِدٗا وَقَآئِمٗا يَحۡذَرُ ٱلۡأٓخِرَةَ وَيَرۡجُواْ رَحۡمَةَ رَبِّهِۦۗ قُلۡ هَلۡ يَسۡتَوِي ٱلَّذِينَ يَعۡلَمُونَ وَٱلَّذِينَ لَا يَعۡلَمُونَۗ إِنَّمَا يَتَذَكَّرُ أُوْلُواْ ٱلۡأَلۡبَٰبِ

যি ব্যক্তিয়ে ৰাতিৰ বিভিন্ন প্ৰহৰত ছাজদাৱনত হৈ আৰু থিয় হৈ আনুগত্য প্ৰকাশ কৰে, লগতে আখিৰাতক ভয় কৰে আৰু নিজ প্ৰতিপালকৰ অনুগ্ৰহ প্ৰত্যাশা কৰে, (এই ব্যক্তিক সেই ব্যক্তিৰ দৰে গণ্য কৰা হ'ব নেকি যিয়ে এইবোৰ নকৰে?) কোৱা, ‘যিসকলে জানে আৰু যিসকলে নাজানে সিহঁত সমান হ’ব পাৰেনে’? নিশ্চয় কেৱল বোধশক্তিসম্পন্ন ব্যক্তিসকলেহে উপদেশ গ্ৰহণ কৰে।

قُلۡ يَٰعِبَادِ ٱلَّذِينَ ءَامَنُواْ ٱتَّقُواْ رَبَّكُمۡۚ لِلَّذِينَ أَحۡسَنُواْ فِي هَٰذِهِ ٱلدُّنۡيَا حَسَنَةٞۗ وَأَرۡضُ ٱللَّهِ وَٰسِعَةٌۗ إِنَّمَا يُوَفَّى ٱلصَّـٰبِرُونَ أَجۡرَهُم بِغَيۡرِ حِسَابٖ

জনাই দিয়া, ‘হে মোৰ মুমিন বান্দাসকল! তোমালোকে নিজ প্ৰতিপালকৰ তাক্বৱা অৱলম্বন কৰা। যিসকলে এই পাৰ্থিৱ জীৱনত কল্যাণকৰ কাম কৰে তেওঁলোকৰ বাবে আছে কল্যাণ। আল্লাহৰ পৃথিৱী বিশাল প্ৰশস্ত, নিশ্চয় ধৈৰ্য্যশীলসকলক তেওঁলোকৰ প্ৰতিদান অগণিতভাৱে পৰিপূৰ্ণৰূপে প্ৰদান কৰা হ’ব’।

Surah assamese Translation and Transliteration

In Surah you can read the translation of Ahmad Raza Khan who was a renowned scholar of the Islamic world and his translation book is known as Kanzul Imaan. You can read the transliteration of Surah which will help you to understand how to read the Arabic text. Apart from that, we have included a Word-By-Word assamese Translation of the Arabic text of Surah .

Surah assamese Tafsir/Tafseer (Commentry)

In Surah we have included two Tafseer (Commentary) in assamese. The first one is from Mufti Ahmad Yaar Khan who was a well-known scholar. In this tafsir, we have also included the most popular Tafsir Ibn-Kathir which is the most comprehensive tafsir available in the world. You can read both or any one of your choice.

Sign up for Newsletter