Details for the specified language are not available. Surah Englsh Translation, Transliteration Tafsir [41-50] - Quran4Ever

Read More
Read Less
 

بِسۡمِ ٱللَّهِ ٱلرَّحۡمَٰنِ ٱلرَّحِيمِ

 

قَالُواْ سُبۡحَٰنَكَ أَنتَ وَلِيُّنَا مِن دُونِهِمۖ بَلۡ كَانُواْ يَعۡبُدُونَ ٱلۡجِنَّۖ أَكۡثَرُهُم بِهِم مُّؤۡمِنُونَ

তেওঁলোকে ক’ব, ‘তুমি পৱিত্ৰ, মহান! তুমিহে আমাৰ অভিভাৱক, সিহঁত নহয়; বৰং সিহঁতে জিনবিলাকৰহে উপাসনা কৰিছিল। সিহঁতৰ সৰহভাগেই জিনবিলাকৰ প্ৰতি ঈমান পোষণ কৰিছিল।

فَٱلۡيَوۡمَ لَا يَمۡلِكُ بَعۡضُكُمۡ لِبَعۡضٖ نَّفۡعٗا وَلَا ضَرّٗا وَنَقُولُ لِلَّذِينَ ظَلَمُواْ ذُوقُواْ عَذَابَ ٱلنَّارِ ٱلَّتِي كُنتُم بِهَا تُكَذِّبُونَ

‘ফলত আজি তোমালোকৰ কাৰোৰে ইজনে সিজনৰ উপকাৰ বা অপকাৰ কৰাৰ অধিকাৰ নাই’। যিসকলে অন্যায় কৰিছিল আমি সিহঁতক কম যে, ‘তোমালোকে যি অগ্নি-শাস্তিক মিছা বুলি অস্বীকাৰ কৰিছিলা তাৰে সোৱাদ লোৱা’।

وَإِذَا تُتۡلَىٰ عَلَيۡهِمۡ ءَايَٰتُنَا بَيِّنَٰتٖ قَالُواْ مَا هَٰذَآ إِلَّا رَجُلٞ يُرِيدُ أَن يَصُدَّكُمۡ عَمَّا كَانَ يَعۡبُدُ ءَابَآؤُكُمۡ وَقَالُواْ مَا هَٰذَآ إِلَّآ إِفۡكٞ مُّفۡتَرٗىۚ وَقَالَ ٱلَّذِينَ كَفَرُواْ لِلۡحَقِّ لَمَّا جَآءَهُمۡ إِنۡ هَٰذَآ إِلَّا سِحۡرٞ مُّبِينٞ

আৰু সিহঁতৰ ওচৰত যেতিয়া আমাৰ সুস্পষ্ট আয়াতসমূহ তিলাৱত কৰা হয়, তেতিয়া সিহঁতে কয়, ‘এওঁ এজন এনেকুৱা ব্যক্তি যিয়ে তোমালোকৰ পূৰ্ব পুৰুষে যাৰ উপাসনা কৰিছিল তাৰ পৰা তোমালোকক বাধা দিব বিচাৰে’। সিহঁতে আৰু কয়, ‘এইটো মিছা উদ্ভাৱনৰ বাহিৰে আন একো নহয়’। কাফিৰসকলৰ ওচৰত যেতিয়া সত্য আহে তেতিয়া সিহঁতে কয়, ‘এইটো এটা সুস্পষ্ট যাদুহে’।

وَمَآ ءَاتَيۡنَٰهُم مِّن كُتُبٖ يَدۡرُسُونَهَاۖ وَمَآ أَرۡسَلۡنَآ إِلَيۡهِمۡ قَبۡلَكَ مِن نَّذِيرٖ

আমি সিহঁতক ইয়াৰ পূৰ্বে কোনো কিতাব দিয়া নাছিলোঁ, যিখন সিহঁতে অধ্যয়ন কৰিব আৰু তোমাৰ পূৰ্বে ইহঁতৰ ওচৰত কোনো সতৰ্ককাৰীও প্ৰেৰণ কৰা নাছিলোঁ।

وَكَذَّبَ ٱلَّذِينَ مِن قَبۡلِهِمۡ وَمَا بَلَغُواْ مِعۡشَارَ مَآ ءَاتَيۡنَٰهُمۡ فَكَذَّبُواْ رُسُلِيۖ فَكَيۡفَ كَانَ نَكِيرِ

সিহঁতৰ পূৰ্বৱৰ্তীসকলেও অস্বীকাৰ কৰিছিল। অথচ সিহঁতক আমি যি প্ৰদান কৰিছিলোঁ, তাৰ দহ ভাগৰ এভাগো ইহঁতে (মক্কাৰ অধিবাসীসকলে) পোৱা নাই, ইয়াৰ পিছতো সিহঁতে আমাৰ ৰাছুলসকলক অস্বীকাৰ কৰিছিল। ফলত আমাৰ প্ৰত্যাখ্যান (শাস্তি) কেনেকুৱা আছিল!

۞قُلۡ إِنَّمَآ أَعِظُكُم بِوَٰحِدَةٍۖ أَن تَقُومُواْ لِلَّهِ مَثۡنَىٰ وَفُرَٰدَىٰ ثُمَّ تَتَفَكَّرُواْۚ مَا بِصَاحِبِكُم مِّن جِنَّةٍۚ إِنۡ هُوَ إِلَّا نَذِيرٞ لَّكُم بَيۡنَ يَدَيۡ عَذَابٖ شَدِيدٖ

কোৱা, ‘মই তোমালোকক কেৱল এটা বিষয়ে উপদেশ দিছোঁ, তোমালোকে আল্লাহৰ উদ্দেশ্যে দুজন দুজনকৈ অথবা এজন এজনকৈ থিয় দিয়া, তাৰ পিছত তোমালোকে চিন্তা-চৰ্চা কৰি চোৱা, তোমালোকৰ সঙ্গীজনৰ মাজত কোনো উন্মাদনা নাই। তেওঁ কেৱল আসন্ন কঠিন শাস্তি সম্পৰ্কে তোমালোকৰ বাবে মাথোন এজন সতৰ্ককাৰীহে’।

قُلۡ مَا سَأَلۡتُكُم مِّنۡ أَجۡرٖ فَهُوَ لَكُمۡۖ إِنۡ أَجۡرِيَ إِلَّا عَلَى ٱللَّهِۖ وَهُوَ عَلَىٰ كُلِّ شَيۡءٖ شَهِيدٞ

কোৱা, ‘যদি মই তোমালোকৰ ওচৰত কোনো পাৰিশ্ৰমিক বিচাৰোঁ তেন্তে সেয়া কেৱল তোমালোকৰ বাবেই; মোৰ পুৰস্কাৰ আছে কেৱল আল্লাহৰ ওচৰত আৰু তেওঁ সকলো বস্তুৰে প্ৰত্যক্ষকাৰী’।

قُلۡ إِنَّ رَبِّي يَقۡذِفُ بِٱلۡحَقِّ عَلَّـٰمُ ٱلۡغُيُوبِ

কোৱা, ‘নিশ্চয় মোৰ প্ৰতিপালকে সত্যৰ দ্বাৰা আঘাত কৰে, তেৱেঁই যাৱতীয় গায়েবৰ সম্যক জ্ঞানী’।

قُلۡ جَآءَ ٱلۡحَقُّ وَمَا يُبۡدِئُ ٱلۡبَٰطِلُ وَمَا يُعِيدُ

কোৱা, ‘সত্য আহিছে, গতিকে (জানি থোৱা) অসত্যই নতুন একো সৃষ্টি কৰিব নোৱাৰে আৰু পুনৰাবৃত্তিও কৰিব নোৱাৰে’।

قُلۡ إِن ضَلَلۡتُ فَإِنَّمَآ أَضِلُّ عَلَىٰ نَفۡسِيۖ وَإِنِ ٱهۡتَدَيۡتُ فَبِمَا يُوحِيٓ إِلَيَّ رَبِّيٓۚ إِنَّهُۥ سَمِيعٞ قَرِيبٞ

কোৱা, ‘মই বিভ্ৰান্ত হ’লে বিভ্ৰান্তিৰ পৰিণাম ময়ে পাম, আৰু যদি মই হিদায়তপ্ৰাপ্ত হওঁ তেন্তে কেৱল এইকাৰণে যে, মোৰ প্ৰতিপালকে মোৰ প্ৰতি অহী প্ৰেৰণ কৰে। নিশ্চয় তেওঁ সৰ্বশ্ৰোতা, অতি নিকটৱৰ্তী’।

Surah assamese Translation and Transliteration

In Surah you can read the translation of Ahmad Raza Khan who was a renowned scholar of the Islamic world and his translation book is known as Kanzul Imaan. You can read the transliteration of Surah which will help you to understand how to read the Arabic text. Apart from that, we have included a Word-By-Word assamese Translation of the Arabic text of Surah .

Surah assamese Tafsir/Tafseer (Commentry)

In Surah we have included two Tafseer (Commentary) in assamese. The first one is from Mufti Ahmad Yaar Khan who was a well-known scholar. In this tafsir, we have also included the most popular Tafsir Ibn-Kathir which is the most comprehensive tafsir available in the world. You can read both or any one of your choice.

Sign up for Newsletter